বিহু নৃত্যৰ পিছত এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ওলাইছে ঝুমুৰ নৃত্যই। ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব এই অনুষ্ঠান।দিছপুৰত সংবাদমেলত এই কথা ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।
সংবাদমেলখনত বিমল বৰাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য। ৮ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য ।বিহুৰ দৰে ঝুমুৰ নৃত্যৰ শিল্পী সকলকো দিয়া হ’ব ধনৰাশি।
সোমবাৰৰ পৰা প্ৰতিটো সমষ্টিতে আৰম্ভ হব বাছনী প্ৰক্ৰিয়া। ১৯ ফেব্ৰুৱাৰীত প্ৰতিখন জিলাৰ পৰা বাছনি প্ৰাপ্ত শিল্পীসকলক গুৱাহাটীলৈ অনা হ’ব। আৰু ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ হ’ব চুড়ান্ত আখৰা ।
Post Views: 339