দিল্লীত শপতগ্ৰহণ অনুষ্ঠান স্মৰণীয় কৰি তুলিবলৈ সাজু হৈছে বিজেপি । বৈঠকৰ সমান্তৰালকৈ বিজেপি নেতাসকলে সভাস্থলী ৰামলীলা ময়দান পৰিদৰ্শন কৰিছে । ৰাজভৱনৰ পৰাও শপতগ্ৰহণ স্থলী নিৰীক্ষণ কৰা হৈছে ।
সভাস্থলীত টেণ্ট আৰু চোফা স্থাপন কৰা হৈছে । অতিথিসকলক বহিব পৰাকৈ বহু সংখ্যক চকী আৰু এল ই ডি স্ক্ৰীণ স্থাপন কৰা হৈছে । ৰামলীলা ময়দানৰ সীমা দেৱালত নতুনকৈ ৰং কৰা হৈছে ।
পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান । মঙলবাৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, বিনোদ তাৱদে, ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে সেই স্থানত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ।
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো এখন বৈঠক অনুষ্ঠিত হয় । বিজেপি নেতাসকলে কয় যে শপতগ্ৰহণ অনুষ্ঠান ঐতিহাসিক আৰু স্মৰণীয় হ’ব । বীৰেন্দ্ৰ সচদেৱ আৰু তৰুণ চুঘেও লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক সাক্ষাৎ কৰে ।
ৰামলীলা ময়দানত তিনিখন মঞ্চ প্ৰস্তুত কৰা হৈছে । মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথকে ধৰি ৫০জনৰো অধিক উচ্চ নিৰাপত্তা থকা নেতা ৰামলীলা ময়দানত উপস্থিত হ’ব ।
এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ লগতে কেন্দ্রীয় কেবিনেট এখন মঞ্চত বহিব, আনহাতে নৱ-নির্বাচিত বিজেপি বিধায়কসকলে দ্বিতীয়খন মঞ্চত বহিব আৰু তৃতীয়খন মঞ্চত সন্ত আৰু চলচ্চিত্ৰ অভিনেতাকে ধৰি বিশেষ অতিথিসকলক দেখা যাব ৷
বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হ’ব-
অনুষ্ঠানৰ পূৰ্বে সাংস্কৃতিক কাৰ্যসূচীও হ’ব । কৈলাশ খেৰে অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী শ্ৰেণীৰ লোককো আমন্ত্ৰণ জনোৱা হৈছে । ইয়াত লাডলী-বেহনাসকলকো নিমন্ত্ৰণ কৰা হৈছে ।
মুম্বাইৰ বিখ্যাত উদ্যোগপতি, কৃষক, চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰকে ধৰি প্ৰায় ৩০ হাজাৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে । বাবা ধীৰেন্দ্ৰ শাস্ত্ৰীকে ধৰি অন্যান্য ধৰ্মগুৰুসকলকো শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।