যেতিয়াই বিশ্বত অধ্যয়নৰ বাবে শীৰ্ষস্থানীয় দেশৰ কথা আহে, তেতিয়াই আমেৰিকা, কানাডা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আদি দেশৰ কথা উল্লেখ কৰা হয় । ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই এই দেশবোৰলৈ পঢ়া-শুনা কৰিবলৈ যায় । আমেৰিকা, ব্ৰিটেইন, কানাডা আদি দেশত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ ভিছা লোৱাৰ আগতে কিছুমান কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে । এই পৰীক্ষাসমূহত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আৰু দক্ষতা পৰীক্ষা কৰা হয় ।
অতি বুদ্ধিমান ছাত্ৰ-ছাত্ৰীয়েহে এই পৰীক্ষাত উত্তীৰ্ণ হৈ বিদেশৰ শীৰ্ষ বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰিবলৈ সক্ষম হয় । এই পৰীক্ষাসমূহত কিছুমান ইংৰাজী ভাষাৰ দক্ষতা পৰীক্ষাৰ বাবে কৰা হয়, আনহাতে কিছুমান ছাত্ৰ-ছাত্ৰীৰ জ্ঞান পৰীক্ষাৰ বাবে অনুষ্ঠিত কৰা হয় । এনে পৰিস্থিতিত বিদেশলৈ যাবলৈ সাজু হোৱা ছাত্র-ছাত্রীসকলৰ বাবে পৃথিৱীৰ কোনবোৰ পৰীক্ষা আটাইতকৈ কঠিন জানক ।
গ্ৰেজুৱেট ৰেকৰ্ড পৰীক্ষা (GRE)-
আমেৰিকা, ব্ৰিটেইন, কানাডা, অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ কিছুমান দেশত স্নাতকোত্তৰ অধ্যয়ন কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে জি আৰ ই পৰীক্ষা দিব লাগে । মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি, অক্সফৰ্ড বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানত জি আৰ ই নম্বৰৰ প্ৰয়োজন হয় । জি আৰ ইৰ জৰিয়তে এজন ছাত্ৰৰ বিশ্লেষণাত্মক লেখা, ভাৰ্বেল ৰিজনিং আৰু কোৱান্টিটিভ ৰিজনিঙৰ দক্ষতাৰ বিষয়ে জনা যায় । বেছিভাগ শীৰ্ষ কলেজতে ভাল জি আৰ ই নম্বৰৰ প্ৰয়োজন ।
গ্ৰেজুৱেট মেনেজমেন্ট এডমিশ্যম টেষ্ট (GMAT)-
বিশ্বজুৰি এম বি এ প্ৰগ্ৰেম আৰু বিজনেছ স্কুলত নামভৰ্তি বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে GMAT হৈছে এক বাধ্যতামূলক পৰীক্ষা । হাৰ্ভাৰ্ড, ষ্টেনফৰ্ড আৰু লণ্ডন বিজনেছ স্কুলৰ দৰে শীৰ্ষ বিজনেছ স্কুলে GMAT স্ক’ৰক নামভৰ্তি প্ৰক্ৰিয়াত এক অপৰিহাৰ্য মাপকাঠী হিচাপে গঢ়ি তুলিছে । এই পৰীক্ষাৰ তদাৰক কৰাটো ই টি এছৰ দায়িত্ব । ইয়াত ডাটা ইনচাইট, ভাৰ্বেল ৰিজনিং আৰু কোৱান্টিটিভ ৰিজনিঙৰ দৰে অংশ থাকে ।
ল স্কুল এডমিশ্যন টেষ্ট (LSAT)-
আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশত শীৰ্ষ আইন বিদ্যালয়ত নামভৰ্তিৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে । ইয়াত নামভৰ্তি কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে আইনৰ ক্ষেত্ৰত ভাল কেৰিয়াৰ গঢ়িবলৈ সুযোগ পায় । শীৰ্ষ আইন বিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা বিদেশী ছাত্ৰ-ছাত্ৰীয়ে LSAT দিব লাগে । LSATৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পঠন ক্ষমতা, লজিকেল ৰিজনিং, এক্সপেৰিমেন্টেল ছেকশ্যন আৰু লিখাৰ ক্ষমতা পৰীক্ষা কৰা হয় ।
IELTS/TOEFL-
‘ইন্টাৰনেশ্যনেল ইংলিছ লেংগুৱেজ টেষ্টিং ছিষ্টেম ‘ (IELTS) বা TOEFL ইংৰাজী ভাষী দেশত অধ্যয়ন কৰিব বিচৰা সকলো বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক পৰীক্ষা । এই পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীজনৰ লিখা-পঢ়া, শুনা আৰু কথা কোৱাৰ ক্ষমতা পৰীক্ষা কৰা হয় । IELTS/TOEFL ৰ জৰিয়তে ইংৰাজী ভাষাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ কিমান জ্ঞান আছে সেয়া পৰীক্ষা কৰা হয় । আজিকালি বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে নামভৰ্তিৰ বাবে IELTS/TOEFL নম্বৰৰ প্ৰয়োজন হয় ।
মেডিকেল কলেজ এডমিশ্যন টেষ্ট (MCAT)-
MCAT হৈছে আমেৰিকা, কানাডা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া আদি দেশত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে দিবলগীয়া চিকিৎসা পৰীক্ষা । এই পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ চিকিৎসা ক্ষেত্ৰৰ জ্ঞান পৰীক্ষা কৰা হয় । বিশ্বৰ শীৰ্ষ চিকিৎসা বিদ্যালয় যেনে হাৰ্ভাৰ্ড মেডিকেল স্কুল, জন হপকিন্স বিশ্ববিদ্যালয় আৰু টৰন্টো বিশ্ববিদ্যালয়ত MCAT নম্বৰৰ প্ৰয়োজন হয় ।