আজিৰে পৰা ৰাজ্যত নাথাকে মহকুমা । মহকুমাৰ বিপৰীতে এতিয়াৰে পৰা থাকিব সমজিলা । মহকুমা ব্যৱস্থাৰ বিলুপ্তিৰ কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৪ অক্টোবৰ অৰ্থাৎ আজিৰে পৰা ৰাজ্যত কাৰ্যক্ষম হ’ব ৩৯ খনকৈ সমজিলা ৷ ইতিমধ্যে চৰকাৰে সমজিলাৰ লগতে ঘোষণা কৰিছে সদৰ ঠাইৰ নাম । লগতে সম-জিলাৰ কাৰ্যালয়ত কি কি প্ৰশাসনীয় পদবী থাকিব সেই কথাও ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷
জিলা আয়ুক্তৰ সমানেই থাকিব সমজিলাধিপতিৰ ক্ষমতা । সমজিলা ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হ’ব ৰাজ্যবাসী । জিলা সদৰৰ দৰে এতিয়াৰ পৰা সমজিলাতে ৰাইজে কৰিব পাৰিব বহু কাম-কাজ ।
উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে সমজিলা গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল ।