২৪ ঘন্টাৰ ভিতৰত বিলাহীৰ খুচুৰা মূল্য ২০ টকা বৃদ্ধি হোৱা দেখা গৈছে। অন্যহাতে পাইকাৰী বজাৰত বিলাহীৰ দাম ১০ টকা বৃদ্ধি হোৱা দেখা গৈছে। বিশেষ সূত্ৰ মতে, যোগানৰ অভাৱ আৰু উৎসৱৰ বতৰত বিলাহীৰ চাহিদা বৃদ্ধিৰ বাবে এই মূল্যবৃদ্ধিৰ হৈছে।
নৱৰাত্ৰিৰ তৃতীয় দিন চলি থকাৰ সময়তে দেশৰ ৰাজধানী দিল্লীত প্ৰতি কেজিত বিলাহীৰ দাম ১০০টকা হৈছেগৈ। দিল্লীত বিলাহীৰ খুচুৰা মূল্য ২৪ ঘন্টাৰ ভিতৰত ২০ টকা বৃদ্ধি পাইছে। আনহাতে পাইকাৰী বজাৰত বিলাহীৰ দাম ১০ টকা বৃদ্ধি হোৱা দেখা গৈছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা এমাহত বিলাহীৰ মূল্য ২৭ টকা বৃদ্ধি পাইছে।
দিল্লীৰ মডেল টাউন অঞ্চলত শনিবাৰে বিলাহীৰ খুচুৰা মূল্য প্ৰতি কেজিত ১০০ টকা। আনহাতে এদিন পূৰ্বে বিলাহীৰ খুচুৰা মূল্য আছিল প্ৰতি কেজিত ৮০ টকা। অৰ্থাৎ ২৪ ঘন্টাত বিলাহীৰ দাম প্ৰতি কেজিত ২০ টকা বৃদ্ধি পাইছে।
চৰকাৰী তথ্যৰ অনুসৰি, যোৱা এমাহত বিলাহীৰ দাম ২৭ টকা বৃদ্ধি হোৱা দেখা গৈছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুসৰি যোৱা ৪ ছেপ্টেম্বৰত বিলাহীৰ দাম আছিল ৪৩ টকা, যিটো প্ৰতি কেজিত ৭০ টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ বিলাহীৰ মূল্য ২৭ টকা বৃদ্ধি হোৱা দেখা গৈছে। আনহাতে যদি কেৱল অক্টোবৰৰ কথা কওঁ তেন্তে ৩০ ছেপ্টেম্বৰত প্ৰতি কেজিত বিলাহীৰ দাম আছিল ৬৩ টকা, য’ত ৪ অক্টোবৰলৈকে ৭ টকা বৃদ্ধি হোৱা দেখা গৈছে।