মাধমাৰ; ১১ দিনত চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

জনতাৰ মূৰত ৰাম টাঙোন শোধাই চতুৰ্থবাৰৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। শনিবাৰৰ পিছত এতিয়া সোমবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত এক বৃহৎ পৰিৱৰ্তন ঘটিছে।

দেশৰ চৰকাৰী তেল কোম্পানী সমূহে পুনৰবাৰ বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য।শনিবাৰে ২৩ মে’ত মূল্য বৃদ্ধি কৰাৰ পিছত আজি পুনৰবাৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। সোমবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য ২.৬১  আৰু ডিজেলৰ মূল্য ২.৭১ টকাকৈ বৃদ্ধি কৰে।

বিগত ১১ দিনত তেল কোম্পানীসমূহে ৰূপায়ণ কৰা এয়া চতুৰ্থটো মূল্য বৃদ্ধি।ইয়াৰ পূৰ্বে ২৩ মে’ত তেল কোম্পানীসমূহে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ০.৮৭ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ০.৯১ টকা বৃদ্ধি কৰিছিল। শেহতীয়াকৈ এই বৃদ্ধিৰ পিছত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৭৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য এতিয়া প্ৰতি লিটাৰত হ’ল গৈ ৯৭.২৩ টকা।

বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ দাম ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে। বিগত তিনিমাহ ধৰি মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যত প্ৰভাৱ পেলাইছে।ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতি বেৰেলত ৭০ ডলাৰত ব্যৱসায় কৰি থকা খাৰুৱা তেলৰ মূল্য সংঘাতৰ মাজতে প্ৰতি বেৰেলত ১২৫ ডলাৰলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

বৃদ্ধি পালে প্ৰিমিয়াম পেট্ৰ’লৰ দাম; ২০ মাৰ্চৰ পৰা হ’ব কাৰ্যকৰী

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ ফলত বিশ্ব শক্তি যোগানত অহা বাধাৰ মাজতে ভাৰতীয় তেল বিপণন কোম্পানীসমূহে প্ৰিমিয়াম পেট্ৰ’ল আৰু উদ্যোগিক ডিজেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।

সমগ্ৰ দেশতে বৃদ্ধি পাইছে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য।২০ মাৰ্চ ২০২৬ৰ পৰা নতুন মূল্য কাৰ্যকৰী হৈছে, যাৰ অধীনত বিভিন্ন তেল কোম্পানীসমূহৰ প্ৰিমিয়াম ইন্ধন ব্যয়বহুল হৈ পৰিছে।ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডৰ ‘স্পীড’, হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড (এইচ পি চি এল)ৰ ‘শক্তি’ আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (আই অ’ চি এল)ৰ ‘এক্সপি৯৫’ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ২.০৯ ৰ পৰা ২.৩৫ লৈ বৃদ্ধি কৰা হৈছে।

অৱশ্যে,সাধাৰণ গ্ৰাহকৰ বাবে ভাল খবৰটো হ’ল যে বৰ্তমান নিয়মীয়া পেট্ৰ’লৰ দামত কোনো সালসলনি কৰা হোৱা নাই।কোম্পানীসমূহে প্ৰিমিয়াম পেট্ৰ’লৰ মূল্য সেই সময়ত বৃদ্ধি কৰিছে যি সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা অব্যাহত আছে।ইয়াৰ ফলত ভৱিষ্যতে ইন্ধনৰ মূল্যত আৰু অধিক প্ৰভাৱ পৰিব পাৰে।

লগতে পঢ়ক: ‘প্ৰতিশোধ এতিয়াও সম্পূৰ্ণ হোৱা নাই’; উপসাগৰীয় তৈলক্ষেত্ৰত আক্ৰমণৰ পিছতে ইৰাণৰ সতৰ্কবাণী