তিৰুমালাৰ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰত বাৰ্ষিক ব্ৰহ্মোৎসৱমৰ প্ৰথম আঠ দিনত ৩০ লাখতকৈও অধিক লাডু বিক্ৰী কৰা হৈছে । শেহতীয়াকৈ, তিৰুপতি মন্দিৰৰ লাডুত জন্তুৰ চৰ্বী মিলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । যাৰ পিছত এই বিষয়টো কেৱল উচ্চতম ন্যায়ালয়ত উপনীত হোৱাই নহয়, ই দেশত যথেষ্ঠ ৰাজনৈতিক হুলস্থূলৰো সৃষ্টি কৰিছিল ।
শনিবাৰে তিৰুপতি তিৰুমালা দেৱস্থানমছে (টিটিডি) কয় যে নদিনীয়া বাৰ্ষিক ব্ৰহ্মোৎসৱম শনিবাৰে সমাপ্ত হয় । প্ৰথম আঠ দিনত, প্ৰায় ১৫ লাখ ভক্তই বাহন সেৱা পৰিদৰ্শন কৰিছিল, যাৰ ভিতৰত ৩.৫ লাখ তীৰ্থযাত্ৰীয়ে গৰুড় সেৱা দিৱসত অংশগ্ৰহণ কৰিছিল ।
যোৱা বছৰৰ তুলনাত অধিক অনুদান আহিছিল-
টিটিডিৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, চলিত বৰ্ষৰ ব্ৰহ্মোৎসৱৰ প্ৰথম আঠ দিনত প্ৰতি লাডুত ৫০ টকা মূল্যৰ ৩০ লাখ সৰু লাডু বিক্ৰী কৰা হৈছে । যোৱা বছৰো একে সংখ্যক লাডু বিক্ৰী হৈছিল । এইবাৰ হুণ্ডী সংগ্ৰহ ২৬ কোটি টকা, যিটো বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত ২ কোটি টকা বেছি । উল্লেখ্য যে, তিৰুপতিক বিশ্বৰ আটাইতকৈ চহকী হিন্দু মন্দিৰ বুলি গণ্য কৰা হয় ।
টিটিডি কাৰ্যবাহীজনে কয় যে যোৱা বছৰ ব্ৰহ্মোৎসৱমৰ সময়ত ১৬ লাখ ভক্তৰ তুলনাত এই বছৰ ২৬ লাখতকৈও অধিক ভক্তক অন্নপ্ৰসাদ (পবিত্ৰ প্ৰসাদ) পৰিৱেশন কৰা হৈছিল । মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ব্ৰহ্মৎসৱমৰ প্ৰথম দিনা ৪ অক্টোবৰত শ্ৰীবাৰী মন্দিৰত ৰাজ্য চৰকাৰৰ হৈ ৰেচমৰ পোছাক উপহাৰ দিয়ে ।
উল্লেখ্য যে, জুন মাহত অন্ধ্ৰত শাসনৰ পৰিৱৰ্তন হৈছিল । যাৰ পিছত চন্দ্ৰবাবু নাইডুৰ দল ক্ষমতালৈ ঘূৰি আহিল । মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত, চন্দ্ৰবাবু নাইডুৱে মন্দিৰৰ লাডুত ভেজালৰ সম্ভাৱনা প্ৰকাশ কৰিছিল । যাৰ পিছত মন্দিৰ প্ৰশাসনে যোগান ধৰা ঘিউৰ নমুনা লৈ গুজৰাটস্থিত দুগ্ধ উন্নয়ন ব’ৰ্ডৰ পৰীক্ষাগাৰ ‘চেণ্টাৰ অৱ এনালাইচিছ এণ্ড লাৰ্ণিং ইন লাইভ ষ্টক এণ্ড ফুড’ লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । যাৰ পিছত পৰীক্ষাগাৰৰ প্ৰতিবেদনত এই আচৰিত তথ্য উন্মোচন হৈছিল ।