আগন্তুক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে ২৫ জনীয়া প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । দলটোৱে এতিয়ালৈকে ১৪৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । দলটোৱে মালশিৰাছ (এছ চি) বিধানসভা আসনৰ পৰা বৰ্তমানৰ বিধায়ক ৰাম বিত্ততাল সতপুতক পুনৰ সুযোগ দিছে । সতপুত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও । আন প্ৰাৰ্থীসকল হ’ল লাতুৰৰ পৰা অৰ্চনা শৈলেশ পাটিল, ভাচাইৰ স্নেহা প্ৰেমনাথ দুবে আৰু ভাৰছোভাৰ পৰা ভাৰতী হেমন্ত ।

এন চি পি (শৰদ) ত্যাগ কৰা চাই দাহাকেও পালে টিকট-
শৰদ পাৱাৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ পৰা অহা চাই দাহাকেক বিজেপিয়ে ৱাছিম জিলাৰ কাৰঞ্জা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন বিধায়ক প্ৰকাশ দাহাকেৰ পত্নী আৰু কৃষি বজাৰ সমিতিৰ অধ্যক্ষ চাই দাহাকে বিজেপিত যোগদান কৰিছিল । ইয়াৰ উপৰিও, মুম্বাই বিজেপি গোটৰ সাধাৰণ সম্পাদক সঞ্জয় উপাধ্যায়ক বৰিভালীৰ পৰা টিকট দিয়া হৈছে । দলটোৱে পুনৰ এবাৰ ঘাটকোপাৰ পূব সমষ্টিৰ বৰ্তমানৰ বিধায়ক পৰাগ শ্বাহক টিকট প্ৰদান কৰিছে । মূৰ্তিজাপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা হৰিশ পিম্পালে বিজেপিৰ পৰা পুনৰ সুযোগ পাইছে ।
নান্দেদ লোকসভা উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ-
বিজেপিয়ে নান্দেদ লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিছে । দলটোৱে ইয়াৰ পৰা ড০ সান্টুক মাৰোতৰাও হুম্বাৰ্ডেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
প্ৰথম তালিকাত, ৯৯ জন প্ৰাৰ্থী ঘোষণা কৰা হৈছিল-
ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ বাবে ৯৯ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । ইয়াৰ পিছত, দলটোৱে দ্বিতীয় তালিকাত ২২ জন প্ৰাৰ্থীৰ নাম আৰু এতিয়া ২৫ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰ সৈতে, বিজেপিয়ে এতিয়ালৈকে ৰাজ্যখনত ১৪৬ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।
মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন-
২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন ২০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব, আনহাতে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ।