তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে মঙলবাৰে দলৰ সুপ্ৰিমো মমতা বেনাৰ্জীৰ সৈতে মতভেদ হোৱাৰ বাতৰি খাৰিজ কৰিছিল আৰু মমতা বেনাৰ্জীৰ প্ৰতি তেওঁৰ আনুগত্য প্ৰকাশ কৰিছে।
কলকাতাত এক দলীয় সন্মিলনত তেওঁ কয় যে তেওঁ দলৰ এজন নিষ্ঠাৱান কৰ্মী আৰু তেওঁৰ নেতা হৈছে মমতা বেনাৰ্জী। মই বিজেপিত যোগদান কৰা খবৰ প্ৰকৃততে উৰাবাতৰি হে ।
আনকি মোৰ মুৰটো কাটি দিলেও, মই ‘মমতা বেনাৰ্জী জিন্দাবাদ’ বুলি ক’ম । এই কথা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন।
মই এনে লোকসকলক জানো যিয়ে এনে ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। এই লোকসকলে অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এনে বাতৰি প্ৰচাৰ কৰি আছে।
তেওঁ দলীয় কৰ্মীসকলক আভ্যন্তৰীণ দলীয়কৰণৰ পৰা আঁতৰি থাকি ৰাজহুৱা সেৱাত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছিল।
তেওঁ বিভেদবোৰ আঁতৰাই ৰাখি মানুহৰ বাবে কাম কৰিবলৈ আগ্ৰহী হ’বলৈ কৈছিল।ইজনে সিজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে একো নহ’ব।
যিসকল হোৱাটছএপ গোটৰ ৰাজনীতিত জড়িত তেওঁলোকে বুজিব লাগে যে এনে প্ৰচেষ্টা অৰ্থহীন। যিসকলে ষড়যন্ত্ৰ কৰি আছে তেওঁলোক এই সকলোবোৰৰ দ্বাৰা নিজেই প্ৰভাৱিত হ’ব।
তেওঁ জোৰ দি কৈছিল যে তেওঁ পূৰ্বৰ নিৰ্বাচনৰ দৰে দলৰ ভিতৰত থকা বিশ্বাসঘাতক সকলক উন্মোচন কৰি থাকিব। অতীতত, মই মুকুল ৰয় আৰু সুভেন্দু অধিকাৰীৰ দৰে নেতাক চিনাক্ত কৰিছিলো যিসকলে দলটোক বিশ্বাসঘাতকতা কৰিছিল। মই দলৰ এনে লোকসকলক উন্মোচন কৰি থাকিম।
একেটা কাৰ্যসূচীতে টিএমচিৰ চুপ্ৰিমো আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আমি ২৯৪ খন আসনৰ ভিতৰত ২১৫ খনতকৈ অধিক আসন জিকিম আৰু বিজেপিৰ আসন হ্ৰাস হোৱাটো নিশ্চিত কৰিম।
“আমি বিজেপিৰ সহায়ত পঞ্জীয়ন কৰা ভুৱা ভোটাৰসকলক চিনাক্ত কৰিম”।তেওঁ লগতে কয় যে “আমি বাহিৰৰ লোকসকলক বংগ দখল কৰিবলৈ নিদিওঁ।
প্ৰয়োজন হ’লে, আমি নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সন্মুখত ভোটাৰ তালিকাৰ পৰা ভুৱা ভোটাৰক আঁতৰোৱাৰ দাবীত ধৰ্ণা দিম”।