ভাৰতৰ ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰ’স্পেছে (Skyroot Aerospace) বিক্ৰম-১ ৰকেট মহাকাশলৈ প্ৰেৰণ কৰিবলৈ প্ৰয়োজনীয় ‘কালাম-১০০’ ইঞ্জিনৰ ষ্টেটিক ফায়াৰ টেষ্ট সফলতাৰে সম্পন্ন কৰিছে । এই ইঞ্জিনে ৰকেটৰ তৃতীয় পৰ্যায়ত শক্তি প্ৰদান কৰিব । এই পৰীক্ষণ কোম্পানীটোৰ বাবে এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ।
এক প্ৰতিবেদন অনুসৰি পৰীক্ষাৰ সময়ত ইঞ্জিনটো ১০২ ছেকেণ্ড চলিছিল য’ত ই ১০০ কিলো নিউটন (kN) ভেকুৱাম থ্ৰাষ্ট দিবলৈ সফল হৈছিল । ইয়াত এটা উন্নত ফ্লেক্স নজেল ব্যৱহাৰ কৰা হৈছিল । যিয়ে ৰকেটৰ দিশ সঠিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ইয়াৰ পৰা দেখা যায় যে মহাকাশৰ দৰে পৰিস্থিতিতো স্কাইৰুটৰ ইঞ্জিনে ভালদৰে কাম কৰিব ।
ইঞ্জিনৰ ফিক্সড নজেল টেষ্ট-
ইয়াৰ পূৰ্বে স্কাইৰুটে এই ইঞ্জিনৰ ফিক্সড নজেল টেষ্টো কৰিছে । এতিয়া এই নতুন সফলতাই দেখুৱাইছে যে কোম্পানীটোৱে ৰকেট প্ৰপালচন প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে । স্কাইৰুটৰ দলটোৱে অটোমেটিক লঞ্চ কম্পিউটাৰ আৰু ফ্লাইট এভিয়নিকছৰ দৰে কেইবাটাও ইন-হাউছ প্ৰযুক্তি বিকশিত কৰিছে । ইয়াৰ সহায়ত পৰীক্ষাৰ সময়ত প্ৰকৃত উৰণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
পৰীক্ষণৰ সময়ত ইঞ্জিনৰ কাৰ্য্যক্ষমতাৰ সৈতে জড়িত তথ্য ১৫০টাতকৈও অধিক ডাটা চেনেলৰ পৰা ৰেকৰ্ড কৰা হৈছিল । এই প্ৰচেষ্টাৰ সময়ছোৱাত ছ’লাৰ গ্ৰুপে কাষ্টিং আৰু পৰীক্ষণত সহায় কৰিছিল । ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যক্তিগত আৰু কাৰিকৰী অংশীদাৰিত্বৰ অৱদান কিমান গুৰুত্বপূৰ্ণ ।
বিক্ৰম-১ ৰকেটে ৫০০ কিলোমিটাৰ কম হেলনীয়া কক্ষপথত ৪৮০ কিলোগ্ৰাম পেলোড দিব পাৰে । এই অভিযানৰ জৰিয়তে স্কাইৰুটে কক্ষপথৰ ৰকেট উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত কোম্পানী হোৱাৰ দিশত আগবাঢ়িছে । ইয়াৰ দ্বাৰা ভাৰতক বিশ্ব মহাকাশ দৌৰত আৰু এক শক্তিশালী পদক্ষেপ দিয়া বুলি প্ৰমাণিত হ’ব পাৰে ।