কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰে অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । পাকিস্তানৰ জীৱনৰেখা বুলি কোৱা সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ ওপৰত ভাৰতে নিয়ন্ত্ৰণ লাভ কৰাৰ লগে লগে এতিয়া দেশখনে পানীৰ বাবে হাহাকাৰ কৰিব । চাৰিখন দেশৰ মাজেৰে সিন্ধু আৰু ইয়াৰ উপনৈসমূহ বৈ যায় । কেৱল এয়াই নহয়, ২১ কোটিৰো অধিক জনসংখ্যাৰ পানীৰ প্রয়োজন পূৰণ এই নদীসমূহৰ ওপৰত নির্ভৰশীল ৷
কি হয় সিন্ধু জল সন্ধি ?
১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু পাকিস্তানী সামৰিক জেনেৰেল আয়ুব খানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জল সন্ধি । ৬২ বছৰ পূৰ্বে স্বাক্ষৰিত সিন্ধু জল সন্ধিৰ অধীনত ভাৰতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পৰা ১৯.৫ শতাংশ পানী লাভ কৰে । প্ৰায় ৮০ শতাংশ পানী পাকিস্তানে পায় । ভাৰতে নিজৰ অংশৰ প্ৰায় ৯০ শতাংশ পানীহে ব্যৱহাৰ কৰে । এই চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল, যাৰ ফলত সিন্ধু উপত্যকাক ৬খন নদীত বিভক্ত কৰা হৈছিল । এই চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত প্ৰতি বছৰে সিন্ধু জল আয়োগৰ বৈঠক অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।
সিন্ধু জল সন্ধি সম্পৰ্কীয় অন্তিমখন বৈঠক ২০২২ চনৰ ৩০-৩১ মে’ত নতুন দিল্লীত অনুষ্ঠিত হৈছিল । দুয়োখন দেশে এই বৈঠকক আন্তৰিক আখ্যা দিয়ে । পূবৰ নদীসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ আছে । আনহাতে পশ্চিমৰ নদীবোৰ পাকিস্তানক দিয়া হৈছিল । এই চুক্তিৰ মধ্যস্থতা কৰিছিল বিশ্ব বেংকে । পূবৰ তিনিখন নদী চুতলেজ, বিয়াজ আৰু ৰবি নদীৰ পৰা আবণ্টিত মুঠ ১৬.৮ কোটি একৰ ফুটৰ ভিতৰত ভাৰতত বছৰি ৩.৩ কোটি একৰফুট পানী আবণ্টন দিয়া হৈছে ।
ভাৰতৰ ব্যৱহাৰৰ পিছত থাকি যোৱা পানী পাকিস্তানলৈ যায় । আনহাতে সিন্ধু, ঝেলাম, চেনাবৰ দৰে পশ্চিম নদীৰ বছৰি প্ৰায় ১৩.৫ কোটি একৰ ফুট পানী পাকিস্তানক আবণ্টন দিয়া হৈছে । সিন্ধু জল ব্যৱস্থাত মূল নদীখনৰ লগতে পাঁচখন উপনৈ অন্তৰ্ভুক্ত আছে । এই নদীসমূহ হ’ল ৰবি, বিয়াছ, চুতলেজ, ঝেলাম আৰু চেনাব । এই নদীবোৰ সিন্ধু নদীৰ বাওঁফালে বৈ যায় । ৰবি, বিয়াছ আৰু চুটলেজক পূব নদী বুলি কোৱা হয় আনহাতে চেনাব, ঝেলাম আৰু সিন্ধুক পশ্চিম নদী বুলি কোৱা হয় । এই নদীসমূহৰ পানী ভাৰত আৰু পাকিস্তান উভয়ৰে বাবে গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত এই চুক্তিখন স্থগিত ৰখাতো পাকিস্তানৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব ।
পানীক লৈ বিবাদ-
১৯৪৭ চনত স্বাধীনতাৰ পিছত পানীক লৈ বিবাদ আৰম্ভ হৈছিল । ১৯৪৮ চনত ভাৰতে পানী যোগান বন্ধ কৰি দিছিল, যাৰ ফলত পাকিস্তানত সমস্যাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত চুক্তিৰ জৰিয়তে পানী যোগান আৰম্ভ হ’ল । ইয়াৰ পিছত ১৯৪৯ চনত এজন আমেৰিকান বিশেষজ্ঞ ডেভিদ লিলিয়েন্থালে ৰাজনৈতিক পৰ্যায়ৰ পৰা কাৰিকৰী আৰু ব্যৱসায়িক পৰ্যায়লৈকে এই সমস্যা সমাধানৰ পৰামৰ্শ দিয়ে । লিলিয়েন্থালে বিশ্ব বেংকৰ পৰাও সহায় বিচৰাৰ পৰামৰ্শ দিয়ে ।
নেহৰু আৰু আয়ুবৰ মাজত চুক্তি-
১৯৫১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ অধ্যক্ষ ইউজিন ৰবাৰ্ট ব্লেকে মধ্যস্থতা কৰিবলৈ সন্মত হয় । এই ধাৰাবাহিক বৈঠক প্ৰায় ১০ বছৰ ধৰি চলে আৰু বছৰ বছৰ ধৰি আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত পানী সম্পৰ্কে চুক্তি হয় । ইয়াক ১৯৬০ চনৰ সিন্ধু জল সন্ধি বুলি কোৱা হয় । এই সন্ধিত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাৱলপিণ্ডিত স্বাক্ষৰ কৰে ।
১৯৬১ চনৰ ১২ জানুৱাৰীৰ পৰা এই সন্ধিৰ চৰ্তসমূহ কাৰ্যকৰী কৰা হয় । এইদৰে দুয়োখন দেশৰ মাজত হোৱা এক বৃহৎ বিবাদৰ সমাধান হয় । এই সন্ধিৰ অধীনত ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা ৬খন নদীৰ পানী বিতৰণৰ সিদ্ধান্ত লোৱা হৈছিল । পূবৰ ৩খন নদীৰ (ৰবি, বিয়াছ আৰু চুটলেজ) পানীৰ ওপৰত ভাৰতক সম্পূৰ্ণ অধিকাৰ দিয়া হৈছিল । বাকী ৩ খন পশ্চিম নদীৰ (ঝেলাম, চেনাব, সিন্ধু) পানীৰ প্ৰবাহ কোনো বাধা নোহোৱাকৈ পাকিস্তানক দিয়া হৈছিল ।