বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ বাজেট উপস্থাপন কৰাৰ পূৰ্বে ইংগিত দিছিল যে এই বাজেট সাধাৰণ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উৎসৰ্গিত হ’ব।বাজেটত মধ্যবিত্তৰ বাবে ডাঙৰ সকাহ দিছে বিত্তমন্ত্ৰী গৰাকীয়ে।
সাধাৰণ জনতাৰ বাবে ডাঙৰ ঘোষণা কৰিছে বাজেটত। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত গাড়ী, ম’বাইল আৰু টিভিৰ দৰে কেইবাটাও সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে।
লগতে বিত্ত মন্ত্ৰীয়ে ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ মূল্য হ্ৰাস কৰিছে। এইখন বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন বাজেট।
বিত্ত মন্ত্ৰীয়ে কোবাল্ট পাউডাৰ আৰু লিথিয়াম-আয়ন বেটাৰী আৱৰ্জনা, স্ক্ৰেপ আৰু অন্যান্য ১২বিধ খনিজ পদাৰ্থৰ ওপৰত মৌলিক শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাইৰ প্ৰস্তাৱ দিছে।ই ভাৰতত উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব আৰু নিযুক্তি বৃদ্ধিত সহায় কৰিব।
দাম হ্ৰাস পোৱা সামগ্ৰী সমূহ হ’ল টিভি, ম’বাইল, বৈদ্যুতিক গাড়ী, ইভি বেটাৰি, কৰ্কট ৰোগৰ ঔষধ আৰু
জীৱন ৰক্ষাকাৰী ঔষধ।
লগতে, কেন্সাৰৰ ৰোগীৰ বাবে বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ ঔষধৰ বুনিয়াদী সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ ঘোষণা কৰা হৈছে। অৰ্থাৎ কেন্সাৰৰ ঔষধৰ দাম হ্ৰাস পাব।
আয়কৰক লৈও বিত্তমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে বাজেটত। এতিয়াৰে পৰা ১২ লাখ টকা আয়ত কোনোধৰণৰ আয়কৰ দিব নালাগে লোকসকলে।
আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰ কৰা হৈছে। এতিয়া ১২ লাখ টকাৰ আয়ত কোনোধৰণৰ কৰ দিব নালাগে। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে।