আজি (২০ ফেব্ৰুৱাৰী) আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব । এই খেলখনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব ।
ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই মেচত কিছু পৰিৱৰ্তন কৰিব পাৰে । কিন্তু ইয়াৰ পিছতো কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়াৰ আশা অধিক আছে । এনে পৰিস্থিতিত হয়তো আকৌ এবাৰ মূল একাদশৰ বাহিৰত থাকিব লাগিব ঋষভ পন্ট ।
উল্লেখ্য যে শেহতীয়াকৈ ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লিন ছুইপ কৰিছে । তৃতীয়খন এদিনীয়াত খেলা ভাৰতীয় প্লেইং-১১ত দুটা পৰিৱৰ্তন কৰি বাংলাদেশৰ বিৰুদ্ধে শক্তিশালী দল এটা দেখা যাব পাৰে ।
ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলা ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা হয়তো বাদ পৰিব । তেওঁলোকৰ ঠাই ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ ছামীয়ে ল’ব পাৰে ।
৭ মাহে মূল একাদশতৰ বাবে অপেক্ষা পন্টৰ-
২০২৪ চনৰ ৭ আগষ্টত পণ্টে শেষ এদিনীয়া খেলিছিল । এই খেলখন কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত প্ৰায় ৭ মাহ ধৰি ভাৰতীয় এদিনীয়া প্লেইং-১১ত অন্তৰ্ভুক্ত হ’বলৈ সংগ্ৰাম কৰি আহিছে পণ্টে । সেই শ্ৰীলংকা ভ্ৰমণৰ পিছত ভাৰতীয় দলটোৱে এইবাৰ ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী এদিনীয়া শৃংখলা খেলিছিল ।
এই এদিনীয়া শৃংখলাত ইংলেণ্ডক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰিছিল ভাৰতে । কিন্তু তিনিওখন মেচতে কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়া হৈছিল । পন্ট বেঞ্চত বহি থাকিল । এতিয়া চেম্পিয়নছ ট্ৰফীতো পণ্টে বেঞ্চত বহিব লাগিব নেকি বুলিও চৰ্চা চলিছে ।
ভাৰতৰ সম্ভাৱ্য খেলা মূল একাদশ :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু অৰ্শদীপ সিং ।