বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত সমালোচকৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰ । এতিয়া ব্ৰিটেইনৰ ভাৰতীয় মূলৰ সাংসদ প্ৰীতি পেটেলেও এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে ব্ৰিটেইনৰ কেইৰ ষ্টাৰমাৰ চৰকাৰৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
‘ব্ৰিটিছ চৰকাৰে এই বিষয়টো বাংলাদেশ চৰকাৰৰ আগত উত্থাপন কৰক’-
সংসদত দিয়া ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে প্ৰীতি পেটেলে । এই পোষ্টটোৰ কেপচনত প্ৰীতি পেটেলে লিখিছে, ‘বাংলাদেশত চলি থকা হিংসাক লৈ মই চিন্তিত আৰু এই হিংসাৰ দ্বাৰা প্ৰভাৱিত হোৱাসকলৰ প্ৰতি মোৰ প্ৰাৰ্থনা । আজি সংসদত চৰকাৰক এই বিষয়ত বাংলাদেশ চৰকাৰৰ লগত কথা পাতিবলৈ আহ্বান জনালোঁ । ধৰ্মৰ ভিত্তিত হোৱা বৈষম্য আৰু হিংসাৰ পৰা মানুহৰ জীৱন ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।‘
ব্ৰিটিছ সাংসদ তথা ব্ৰিটেইনৰ প্ৰাক্তন গৃহমন্ত্ৰী প্ৰীতি পেটেলে কয় যে বাংলাদেশত যি ধৰণে হিংসাত্মক ঘটনা বৃদ্ধি পাইছে সেয়া অত্যন্ত চিন্তনীয় । বাংলাদেশত এজন হিন্দু সন্ন্যাসীক গ্ৰেপ্তাৰ কৰাত উদ্বেগ প্ৰকাশ কৰি প্ৰীতি পেটেলে চিন্ময় কৃষ্ণ দাসৰ মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্ৰিটিছ চৰকাৰক আহ্বান জনায় ।
I am deeply concerned by the awful violence we have seen in Bangladesh, and my thoughts are with those affected.
— Priti Patel MP (@pritipatel) December 2, 2024
In Parliament this afternoon, I called on the Government to set out how they are engaging with the Bangladeshi Government on this pressing and important issue.… pic.twitter.com/jRXciBQIKH
বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ বিৰুদ্ধে হিংসা-
উল্লেখযোগ্য যে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পাছত চুবুৰীয়া দেশখনত সংখ্যালঘু, বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৃদ্ধি পাইছে । শেহতীয়াকৈ বাংলাদেশত এই হিংসাৰ বিৰুদ্ধে মাত মতাৰ অভিযোগত এজন হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । চিন্ময় কৃষ্ণ দাসৰ লগতে ইস্কনৰ সৈতে জড়িত আন চাৰিজন সন্ন্যাসীও সন্ধানহীন হৈ আছে আৰু তেওঁলোককো বাংলাদেশ আৰক্ষীয়ে আটক কৰিছে বুলি দাবী কৰা হৈছে ।