বাংলাদেশত পুনৰ এবাৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । চট্টগ্ৰাম ইস্কন পুণ্ডাৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণন দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত হিন্দু সম্প্ৰদায়ৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । এই সময়তে বি এন পি আৰু জামাতৰ কৰ্মীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই আক্ৰমণত ৫০ জনতকৈ অধিক হিন্দু সম্প্ৰদায়ৰ লোক আহত হৈছে বুলি জানিব পৰা গৈছে । ঢাকাৰ শ্বাহবাগত শান্তিপূৰ্ণ সমাৱেশৰ সময়ত হিন্দু সম্প্ৰদায়ৰ লোক আৰু চট্টগং বিশ্ববিদ্যালয়ৰ অধ্যাপক কুশল বৰাণকো আক্ৰমণ কৰা হৈছে । এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হৈছে । লগতে বহু লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
ইস্কনে মুক্তিৰ দাবী জনাইছে-
চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইস্কনে এক্সত এটা পোষ্ট দিছে । য’ত তেওঁলোকে কৈছে, ইস্কন বাংলাদেশৰ বিশিষ্ট নেতা চিন্ময় কৃষ্ণ দাসক ঢাকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ চিন্তনীয় খবৰ আমি পাইছো । ইস্কনে ভাৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতিবলৈ আহ্বান জনাইছে । আমি এটা শান্তিপূৰ্ণ ভক্তি আন্দোলন । আমি বিচাৰো বাংলাদেশ চৰকাৰে শীঘ্ৰে চিন্ময় কৃষ্ণ দাসক মুকলি কৰি দিয়ক । এই ভক্তসকলৰ সুৰক্ষাৰ বাবে আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।
দেশদ্ৰোহৰ গোচৰ ৰুজু-
উল্লেখ্য যে চলিত বৰ্ষৰ ৩০ অক্টোবৰত বাংলাদেশত জাতীয় পতাকাক অপমান কৰাৰ অভিযোগত দেশদ্ৰোহ আইনৰ অধীনত চিন্ময় কৃষ্ণ দাস প্ৰভুকে ধৰি ১৯ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল । এই গোচৰত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযোগ অনুসৰি, যোৱা ২৫ অক্টোবৰত সনাতন জাগৰণ মঞ্চই আঠ দফীয়া দাবীৰে চট্টগ্ৰামৰ লালদিঘী খেলপথাৰত এক সমাৱেশৰ আয়োজন কৰিছিল । এই সময়ছোৱাত একাংশ লোকে এটা চৌহদত অৱস্থিত আজাদী স্তম্ভত গেৰুৱা পতাকা উত্তোলন কৰিছিল । এই পতাকাত আমি সনাতনী লিখা হৈছিল । এই সন্দৰ্ভত চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে জাতীয় পতাকাক অৱজ্ঞা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ।
বাংলাদেশত হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে-
বাংলাদেশ আৰক্ষীয়ে সোমবাৰে ঢাকাৰ হজৰত শ্বাহজলাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰ কৰিছিল । বাংলাদেশত ছাত্ৰ আন্দোলনৰ বাবে শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত তাত বসবাস কৰা সংখ্যালঘু হিন্দুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । ছাত্ৰ আন্দোলনৰ সময়ত হিন্দু আৰু তেওঁলোকৰ ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱা হৈছিল । বাংলাদেশৰ মেহেৰপুৰৰ খুলনাত অৱস্থিত ইস্কন মন্দিৰকো লক্ষ্য কৰি লোৱা হয় । এই আক্ৰমণ সন্দৰ্ভত চিন্ময় প্ৰভুৱে হিন্দু মন্দিৰৰ নিৰাপত্তাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল ।