লছ এঞ্জেলছৰ পেচিফিক পেলিছাডছ অঞ্চলত সংঘটিত হোৱা এক বৃহৎ বনজুইৰ ফলত হাজাৰ হাজাৰ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে । এই অগ্নিকাণ্ডত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ একৰ মাটি নষ্ট হৈছে । এক প্ৰতিবেদন অনুসৰি এতিয়াও এই অগ্নিকাণ্ড দ্ৰুতগতিত বিয়পি আছে আৰু ই স্থানীয় প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । ধুমুহা বতাহৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে, যাৰ ফলত সাহায্য অভিযানত বাধাৰ সৃষ্টি হৈছে । ইফালে ৰাষ্ট্ৰপতি জো বাইডেনে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে ।
পেচিফিক পেলিছাডছত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবাটাও ঘৰ ধ্বংস গৈছে । জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে । অগ্নিকাণ্ডৰ ফলত কেৱল সা-সম্পত্তিৰ ক্ষতি হোৱাই নহয় পৰিৱেশৰো ক্ষতিসাধন হৈছে । এই অগ্নিকাণ্ডত শ শ গছ আৰু জীৱ-জন্তু জ্বলি ছাই হৈ পৰিছে, যাৰ ফলত অঞ্চলটোৰ পৰিৱেশ ভাৰসাম্যত প্ৰভাৱ পৰিছে ।
ক্ষতিগ্ৰস্ত অঞ্চলত নিয়োজিত উদ্ধাৰকাৰী দল-
অগ্নিকাণ্ডৰ তীব্ৰতা দেখি প্ৰশাসনে হাজাৰ হাজাৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছে । ক্ষতিগ্ৰস্ত অঞ্চলত নিয়োজিত উদ্ধাৰকাৰী দলে দিনে নিশাই কাম কৰি আছে লোকসকলক সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে । স্থানীয় বিদ্যালয়, কমিউনিটি চেণ্টাৰ আৰু অন্যান্য নিৰাপদ স্থানসমূহ জৰুৰীকালীন আশ্ৰয় শিবিৰ হিচাপে প্ৰস্তুত কৰা হৈছে ।
ধুমুহা বতাহৰ প্ৰকোপ-
ধুমুহা বতাহে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা জটিল কৰি তুলিছে । প্ৰচণ্ড বতাহৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা দলসমূহৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে । বতাহৰ গতি আৰু দিশৰ পৰিৱৰ্তনৰ বাবে জুইৰ দিশ অহৰহ সলনি হৈ থাকে, যাৰ ফলত উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হয় ।
সাহায্য আৰু উদ্ধাৰ অভিযান-
শ শ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে । হেলিকপ্টাৰ আৰু বিমানৰ জৰিয়তে জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও কঠিন ভূখণ্ড আৰু বেয়া বতৰৰ বাবে এই কাম প্ৰত্যাহ্বানজনক বুলি প্ৰমাণিত হৈছে । সকলোৰে সহযোগিতা বিচাৰি প্ৰশাসনে সকলোকে নিৰাপদ স্থানত থাকিবলৈ পৰামৰ্শ দিছে ।