পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লোৱাৰ লগতে বিএছএফৰ বিৰুদ্ধে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে।
এইবাৰ মমতা বেনাৰ্জীয়ে বিএছএফক লক্ষ্য কৰি লৈছে। এটা সাক্ষাৎকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে “অনুপ্ৰৱেশকাৰী সকলে ইছলামপুৰ সীতাই চোপ্ৰা পথৰ জৰিয়তে প্ৰৱেশ কৰিছে কিন্তু সেয়া দেখিও কোনেও একো কৰা নাই”।
“সীমান্ত বিএছএফসকলৰ হাতত আছে কিন্তু সকলোৱে আমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে”। মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল যে “টিএমচিক কোনো কাৰণ নোহোৱাকৈ সকলোৱে বদনাম কৰা হৈছে”।
তেওঁ আৰু কয় যে “আমাৰ ওচৰত খবৰ আছে যে বিএছএফে সকলো জানিও একো কৰা নাই।কিন্তু কোনেও ইয়াৰ বিৰোধিতা কিয় কৰা নাই সেয়া ডাঙৰ কথা কাৰণ সীমান্ত বিএছএফ সকলৰৰ হাতত আছে”।
“যি সকলে ভাবিছে যে বংগত অনুপ্ৰৱেশকাৰী সকল সোমাইছে কৰিছে আৰু ইয়াৰ বাবে তৃণমূলক বদনাম কৰিছে, তেওঁলোকক সতৰ্ক কৰি দিয়া উচিত যে তৃণমূল কংগ্ৰেছে এইবোৰ নকৰে। বিএছএফ সকলৰ অন্যায়ক সমৰ্থন কৰা সকলে তৃণমূলক দুৰ্ব্যৱহাৰ নকৰিব” বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।