মঙলবাৰে ফ্ৰান্সত অনুষ্ঠিত হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । য’ত তেওঁ পৰৱৰ্তী এ আই সন্মিলন ভাৰতত অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিয়ে । পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, কাউন্সিল ফৰ ছাষ্টেনেবল এ আইত এ আই ফাউণ্ডেশ্যন স্থাপনৰ সিদ্ধান্তক মই আদৰণি জনাইছো । পৰৱৰ্তী এ আই সন্মিলন আয়োজন কৰি ভাৰত আনন্দিত হ’ব । এ আইৰ ভৱিষ্যত যাতে সকলোৰে বাবে ভাল হয় তাৰ বাবে ভাৰত নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা ভাগ-বতৰা কৰিবলৈ সাজু হৈ আছে ।
উল্লেখ্য যে, এই সন্মিলন ভাৰতত ২০২৫ চনৰ নৱেম্বৰৰ পৰা ২০২৬ চনৰ জানুৱাৰী মাহৰ ভিতৰত যিকোনো সময়তে অনুষ্ঠিত হ’ব পাৰে । প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছত যুক্তৰাজ্য, দক্ষিণ কোৰিয়া আৰু ফ্ৰান্সৰ পিছতে ভাৰতে বিশ্বৰ চতুৰ্থখন দেশ হিচাপে এ আই নিৰাপত্তাৰ ওপৰত কেন্দ্ৰিত বিশ্ব সন্মিলন আয়োজন কৰিব । ভাৰতত অনুষ্ঠিত হ’বলগীয়া এ আই সন্মিলনখন দেশৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হ’ব ।
ব্ৰিটেইনত অনুষ্ঠিত হৈছিল প্ৰথমখন এ আই শীৰ্ষ সন্মিলন-
২০২৩ চনত ব্ৰিটেইনৰ ব্লেচলি পাৰ্কত অনুষ্ঠিত হৈছিল প্ৰথম এ আই ছিকিউৰিটি ছামিট । ইয়াৰ ফলত ব্লেচলি ঘোষণাপত্ৰৰ সৃষ্টি হয় য’ত ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নে আন ২৪খন দেশৰ লগতে স্বীকাৰ কৰে যে এ আইৰ সৈতে জড়িত কিছুমান বিপদ বিপৰ্যয়জনক হ’ব পাৰে । এই দেশসমূহে মানৱকেন্দ্ৰিক, বিশ্বাসযোগ্য আৰু নিৰাপদ এ আই নিশ্চিত কৰাৰ বাবে সৰ্বাংগীনভাৱে একেলগে কাম কৰাৰ সংকল্প লয় । ইয়াৰ পিছতে ২০২৪ চনৰ মে’ মাহত ছিউলত দ্বিতীয়খন এ আই শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। এতিয়া ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈছে তৃতীয়খন এ আই সন্মিলন ।
প্ৰধানমন্ত্ৰীয়ে এ আইৰ বাবে এছ অ’ পি স্থাপনৰ আহ্বান জনায়-
পেৰিছ এ আই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ বাবে এছ অ’ পি স্থাপনৰ বাবে সামূহিক বিশ্বব্যাপী প্ৰচেষ্টাৰ আহ্বান জনায় । তেওঁ কয় যে ভাগ কৰা মূল্যবোধ বজাই ৰাখিবলৈ আৰু বিপদৰ সৈতে মোকাবিলা কৰিবলৈ এইটো প্ৰয়োজনীয় । ভাৰত এ আই গ্ৰহণ আৰু তথ্যৰ গোপনীয়তাৰ বাবে টেকন’-লিগেল ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰতো আগবাঢ়ি আছে । ভাৰতে ইয়াৰ ১.৪ বিলিয়নৰো অধিক লোকৰ বাবে অতি কম খৰচত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সফলতাৰে সৃষ্টি কৰিছে । কৃত্ৰিম বুদ্ধিমত্তা (AI) অতি দ্ৰুত গতিত বিকশিত হৈছে । ইয়াক বহুত বেছি দ্ৰুত গতিত নিয়োগ কৰা হৈছে ।