সোমবাৰে (১০ ফেব্ৰুৱাৰী, ২০২৫) ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পেৰিছত ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এআই একচন ছামিটৰ সহ অধ্যক্ষতা্ কৰিব, তেওঁৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব ।
পেৰিছ বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হয় । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰো প্ৰদান কৰা হয় । ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় ।
বুধবাৰে (১২ ফেব্ৰুৱাৰী, ২০২৫) মাৰ্চেইলস্থিত কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ দ্বাৰা পৰিচালিত মাজাৰ্গুজ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম বিশ্বযুদ্ধত প্ৰাণ ত্যাগ কৰা ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কথা আছে দুয়োজন নেতাই । সেইদিনাই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দুখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে আমেৰিকা ভ্ৰমণ কৰিব ।
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰই ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শন কৰা ভিডিঅ’ শ্বেয়াৰ কৰে । ভিডিঅ’টোৰ সৈতে পোষ্টটোত মুখপাত্ৰগৰাকীয়ে লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এআই একচন ছামিটৰ সহ-অধ্যক্ষ হিচাপে পেৰিছলৈ যাত্ৰা কৰিছে । বিশেষ ভাৰত-ফ্ৰান্স সম্পৰ্কৰ বহল দিশসমূহৰ ওপৰত এক দৃষ্টিভংগী ।”
ভিডিঅ’টোত দিয়া তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব ষষ্ঠ ফ্ৰান্স ভ্ৰমণ । ৭ ফেব্ৰুৱাৰীত এক বিশেষ ব্রিফিঙত বৈদেশিক সচিব বিক্রম মিশ্রীয়ে প্রধানমন্ত্রীৰ ফ্রান্স ভ্রমণৰ বিশদ কার্যসূচী ভাগ-বতৰা কৰে ৷ সোমবাৰে পেৰিছত উপস্থিত হ’ব মোদী আৰু ইলিচি পেলেচত মেক্ৰনে আয়োজন কৰা ৰাতিৰ আহাৰত অংশগ্ৰহণ কৰিব, য’ত শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰিত অন্যান্য বিশিষ্ট ব্যক্তিৰ লগতে বহু সংখ্যক প্ৰযুক্তি খণ্ডৰ চিইঅ’ও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।