ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণত নিহত ৮
সোমবাৰে তেলেংগানাৰ ছাংগাৰেড্ডীৰ এক ফাৰ্মা প্লাণ্টত সংঘটিত হোৱা সন্দেহজনক বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনাত আন বহু লোক আহত হয় । বিস্ফোৰণ সংঘটিত হোৱা পছুম্যালাম ঔদ্যোগিক এষ্টেটৰ চিগাচি ফাৰ্মা কোম্পানীত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ।
অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা মতে, দুৰ্ঘটনাস্থলীৰ পৰা ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু চিকিৎসকে দুজনক মৃত ঘোষণা কৰিছে । আহত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসাধীন হৈ আছে । উদ্ধাৰ অভিযান এতিয়াও চলি থকাৰ বাবে তেওঁলোকৰ অৱস্থা তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।
পশম্যালামৰ ৰাসায়নিক উৎপাদন কাৰখানা ছিগাচি ফাৰ্মা প্লান্টত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি মাল্টি জ’ন II মহাপৰিদৰ্শক ভি সত্যনাৰায়ণে জানিবলৈ দিয়ে । পুৱা ৮:১৫ৰ পৰা ৯:৩৫ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । এই ঘটনাত মুঠ ৮ জন লোকৰ মৃত্যু হৈছে । আহত হৈছে আন ২৬ জন । উদ্ধাৰ হৈছে ৬ টা মৃতদেহ । চন্দা নগৰত চিকিৎসাৰ সময়ত দুজন লোকৰ মৃত্যু । ২০ মিনিটৰ ভিতৰতে আমি সেই ঠাইত উপস্থিত হওঁ ৷ এন ডি আৰ এফ, এছ ডি আৰ এফকে ধৰি অন্যান্য উদ্ধাৰকাৰী দলে ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী লৈ ঘটনাস্থলীত আছে । জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে । যুদ্ধকালীন গতিত উদ্ধাৰ অভিযান চলোৱা হৈছে ।
আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ-
এই ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তেওঁ কয়, ‘এই ঘটনাত মই দুখিতঃ । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ । প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হ’ব । আহতসকলক ৫০ হাজাৰ টকাৰ সাহাৰ্য দিয়া হ’ব ।’
লগতে পঢ়ক : পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত অঘটন; গুণ্ডিচা মন্দিৰৰ সমীপত পদপিষ্ট হৈ ৩ জনৰ মৃত্যু