ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে আজি (৯ মাৰ্চ) আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত মেচ খেলিব । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ভাৰতীয় দলটোৱে তৃতীয়বাৰৰ বাবে আৰু নিউজীলেণ্ডে দ্বিতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰাৰ লক্ষ্য ৰাখিব ।
এদিনীয়া ফৰ্মেটত খেলা এই চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলটো অতি উত্তম ফৰ্মত আছে আৰু এখনো মেচত পৰাস্ত হোৱা নাই । ইতিমধ্যে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত নিউজীলেণ্ডক পৰাস্ত কৰা ভাৰতীয় দলটোৱে পুনৰ একে আত্মবিশ্বাসেৰে খেলপথাৰত প্ৰৱেশ কৰিব ।
বৰ্তমান টিম ইণ্ডিয়াত বেটিঙৰ পৰা আৰম্ভ কৰি বলিংলৈকে এনে বহু খেলুৱৈ আছে, যিসকলৰ শেষ বলতো বিপক্ষ দলৰ পৰা জয় কাঢ়ি লোৱাৰ ক্ষমতা আছে । আজি আমি এনে টপ-৫ গৰাকী খেলুৱৈৰ কথা ক’ম ।
অ’পেনিঙৰ পৰাই বলাৰসকলক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে গীলে-
চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ সহ অধিনায়ক অ’পেনাৰ শুভমন গীল বৰ্তমান প্ৰচণ্ড ফৰ্মত আছে । তেওঁ অ’পেনিঙৰ পৰাই বলাৰসকলক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । গীলে এতিয়ালৈকে ৪খন মেচত ১৫৭ ৰান সংগ্ৰহ কৰি ৫২.৩৩ৰ আকৰ্ষণীয় গড় লাভ কৰিছে । এই সময়ছোৱাত তেওঁ শতক অৰ্জন কৰিছে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে অপৰাজিত ১০১ ৰান । গীলৰ সৈতে অ’পেনিংত দায়িত্ব লয় অধিনায়ক ৰোহিত শৰ্মাই ।
খেলখনক একপক্ষীয় কৰি তোলিব পাৰে বিৰাট কোহলীয়ে-
এই প্ৰতিযোগিতাখনত বিৰাট কোহলীয়ে দৰ্শনীয় বেটিং কৰিছে । বৰ্তমান তেওঁ ৪খন মেচত ২১৭ ৰান সংগ্ৰহ কৰি ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হৈ আছে । কোহলীৰ গড় হৈছে ৭২.৩৩ । তেওঁ এটা অৰ্ধ শতক আৰু এটা শতক অৰ্জন কৰিছে । কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ১০০ ৰানৰ অপৰাজিত ইনিংছ খেলি মেচখন একপক্ষীয় কৰি তুলিছিল । আনহাতে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৪ ৰান সংগ্ৰহ কৰে কোহলীয়ে ।
এক্স ফেক্টৰ বুলি প্ৰমাণিত হয় হাৰ্দিক পাণ্ডিয়া-
ফাষ্ট বলিং অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ভাৰতীয় দলৰ এক্স ফেক্টৰ হিচাপে প্ৰমাণিত হৈছে । তেওঁৰ বাবেই ভাৰতীয় দলটোৱে এতিয়ালৈকে এজন বিশেষজ্ঞ বেগী বলাৰ মহম্মদ ছামিৰ সৈতে মেচ খেলি আহিছে । বলিংত দলক শক্তি প্ৰদান কৰে পাণ্ডিয়াই । লগতে বেটিং কৰাৰ সময়ত তেওঁ মিডল অৰ্ডাৰত আহি বিপক্ষ দলৰ বলিং আক্ৰমণ ওফৰাই দিয়ে ।
পাণ্ডিয়াই এতিয়ালৈকে চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনত ৪ খন মেচ খেলিছে, য’ত তেওঁ ৩ টা ইনিংছত ৮১ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৪৫ ৰান । বলিংত তেওঁ ৪টা উইকেট দখল কৰিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ৩১ ৰানত ২ টা উইকেট ।
কিৱিৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে বৰুণে-
চলিত চেম্পিয়নছ ট্ৰফীত অভিষেক ঘটাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰা মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তী চৰ্চাত আছে । প্ৰতিযোগিতাখনত ২ খন মেচ খেলি ৭ টা উইকেট দখল কৰিছে তেওঁ । প্ৰথমখন মেচতে বৰুণে ৫টা উইকেট দখল কৰে । এই মেচখন আছিল নিউজীলেণ্ডৰ বিৰুদ্ধে । এই মেচত বৰুণে ৫ গৰাকী কিৱি বেটছমেনৰ উইকেট দখল কৰে তেওঁ । এতিয়া ফাইনেলত বৰুণৰ পৰা সতৰ্ক হ’ব লাগিব নিউজীলেণ্ড ।
প্ৰতিযোগিতাখনত ছামীয়েও নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিছে-
ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনত নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিছে । বৰ্তমান তেওঁ ৪ খন মেচত ৮ টা উইকেট দখল কৰি ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা বলাৰত পৰিণত হৈছে । পাৱাৰ-প্লেত উইকেট লোৱাৰ লগতে বিপক্ষ দলৰ বেটিং মেৰুদণ্ড ভাঙি দিয়াৰ ক্ষমতা আছে ছামীৰ । বাংলাদেশৰ বিৰুদ্ধে খেলখনত ৫৩ ৰানত ৫টা উইকেট দখল কৰে ছামীয়ে ।