বৰ্তমান সমগ্ৰ দেশতে শীতলহৰ অব্যাহত আছে । দেশৰ বহু অঞ্চলত তাপমাত্ৰা মাইনাছ আৰু বহু ঠাইত ৪-৫ ডিগ্ৰী পৰ্যন্ত হৈছে । শীতকালত সঘনাই দেখা পোৱা এটা সমস্যা হৈছে গোৰোহা ফঁটা । অৱশ্যে গোৰোহা ফঁটা শীতকালৰ এটা সাধাৰণ সমস্যাটো । প্ৰকৃততে শীতকালত বতাহত আৰ্দ্ৰতা কমি যায়, যাৰ বাবে ছাল অধিক শুকান হৈ পৰে, বিশেষকৈ ভৰিৰ গোৰোহাৰ ছাল । এই ছাল শুকান হ’লে ইয়াত ফাট মেলি যায় যাক সাধাৰণতে ফাটি যোৱা গোৰোহা বুলি কোৱা হয় ।
ইয়াৰ বাহিৰেও গোৰোহা ফঁটাৰ বহু কাৰণ আছে । উদাহৰণস্বৰূপে, শীতকালত মানুহে কম পানী খায়, যাৰ ফলত শৰীৰত আৰ্দ্ৰতাৰ অভাৱ হয় আৰু ছাল শুকান হৈ পৰে । বেছিভাগ মানুহেই শীতকালত ঠাণ্ডা পানীৰে গা ধোৱে, যাৰ ফলত ছাল অধিক শুকান হয়, শীতকালত কিছুমান লোকে কঠিন বা খহটা জোতা পিন্ধে, যাৰ ফলত গোৰোহাৰ ছালত চাপ পৰে আৰু ফাট মেলাৰ সম্ভাৱনা বৃদ্ধি হয় । লগতে যদি আপুনি নিয়মীয়াকৈ ময়শ্চৰাইজাৰ ব্যৱহাৰ নকৰে, ইয়াৰ ফলতো গোৰোহা ফাটিব পাৰে ।
শীতকালত ভৰিৰ ছালৰ বিশেষ যত্নৰ প্ৰয়োজন হয় । যদি আপোনাৰ গোৰোহাও ফাটি গৈছে তেন্তে ফাটি যোৱা গোৰোহাৰ যত্ন লোৱাৰ পদ্ধতিৰ বিষয়ে জানক ।
মইশ্ব’ৰাইজিং-
ভৰি ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ সঠিকভাৱে লগাব লাগে । মনত ৰাখিব যে আপোনাৰ মইশ্ব’ৰাইজাৰত গ্লিচাৰিন থাকে । ই ছালখন মইশ্ব’ৰাইজ কৰে আৰু ফাটি যোৱাত বাধা দিয়ে । শুবলৈ যোৱাৰ পূৰ্বে ভৰি দুখন কিছু তেলেৰে (যেনে নাৰিকল তেল বা অলিভ অইল) মালিচ কৰি তাৰ পিছত মোজা পিন্ধিব লাগে । ইয়াৰ ফলত ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় হয় আৰু ফাটি যোৱাৰ পৰা ৰক্ষা কৰে ।
আৰামদায়ক জোতা পিন্ধক-
শীতকালত আৰামদায়ক জোতা আৰু চেন্দেল পিন্ধক যিবোৰ বেছি টান নহয়, যাতে চাপৰ পৰা হাত সাৰিব পাৰি ।
ভৰি পৰিষ্কাৰ কৰক-
দৈনিক ভৰি ধুব, কিন্তু গৰম পানীৰে নহয়, কুহুমীয়া পানীৰে । যেতিয়াই আপুনি বাহিৰৰ পৰা আহে বা জোতা পিন্ধে তেতিয়াই তাৰ পিছত ভৰি ধুব কাৰণ ভৰিৰ ঘাম ওলায় । ইয়াৰ পিছত ভৰি দুখন ভালদৰে মচিব লাগে ।
স্ক্ৰাব প্ৰয়োগ কৰক-
ভৰিৰ মৰা ছাল আঁতৰাবলৈ সপ্তাহত এবাৰ স্ক্ৰাব বা পিউমিচ ষ্টোন ব্যৱহাৰ কৰক । এনে কৰিলে ভৰিৰ ছাল পৰিষ্কাৰ হৈ থাকিব ।
তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখক-
শীতকালত কোঠাৰ উষ্ণতা হ্ৰাস পাব পাৰে । কোঠাটোত আৰ্দ্ৰতা বজাই ৰাখিবলৈ হিউমিডিফায়াৰ ব্যৱহাৰ কৰক, যাতে আপোনাৰ ছালখন আৰ্দ্ৰ হৈ থাকে ।
সঠিক খাদ্য গ্ৰহণ কৰক-
ভিটামিন ই, ওমেগা-৩ ফেটি এচিড আৰু পানীৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰক, যাতে ছালে ভিতৰৰ পৰা আৰ্দ্ৰতা লাভ কৰিব পাৰে । সেউজীয়া শাক-পাচলি, দালি, প্ৰটিন সমৃদ্ধ খাদ্য আদি বস্তু শৰীৰৰ বাবে ভাল ।