মঙলবাৰে লাইভ ষ্ট্ৰীম কৰা হয় ‘পৰীক্ষা পে চৰ্চা’ ২০২৫ৰ দ্বিতীয় খণ্ড । এই খণ্ডত অভিনেত্ৰী, উদ্যোগী তথা মানসিক স্বাস্থ্যৰ অধিবক্তা দীপিকা পাডুকনে ছাত্ৰ-ছাত্ৰীৰ সৈতে মানসিক স্বাস্থ্য আৰু সুস্থতাৰ গুৰুত্বৰ বিষয়ে কথা বাৰ্তালাপ কৰে । এই খণ্ডটো শিক্ষা মন্ত্ৰালয়, মাইগভ ইণ্ডিয়া আৰু প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউব চেনেলৰ লগতে দূৰদৰ্শন চেনেলতো উপলব্ধ ।
অনুষ্ঠানত দীপিকা পাডুকনে ছাত্ৰ-ছাত্ৰীসকলক উষ্ম হাঁহিৰে সম্ভাষণ জনায় । তেওঁ শৈশৱৰ এটা ধেমেলীয়া কাহিনীও শ্বেয়াৰ কৰে, য’ত অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই বৰ দুষ্ট শিশু আছিলোঁ । মই সদায় টেবুল, চকী আৰু চোফাত উঠি জপিয়াই আছিলো ।’ ইয়াৰ পিছত তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কয়, ‘আগতে পৰীক্ষাৰ সময়ত মই বহুত মানসিক চাপ অনুভৱ কৰিছিলো, বিশেষকৈ গণিতত মোৰ বহুত অসুবিধা হৈছিল- এতিয়াও এই বিষয়টো মোৰ বাবে কঠিন অনুভৱ হয় ।’
মানসিক চাপ অনুভৱ কৰাটো স্বাভাৱিকঃ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ টিপছ দিলে দীপিকাই
অনুষ্ঠানত দীপিকাই মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ কিছু উপযোগী টিপছ দিয়াৰ লগতে ব্যক্তিগত অভিজ্ঞতাও ভাগ-বতৰা কৰে ।
দীপিকাই ছাত্ৰ-ছাত্ৰীসকলক কয় যে ‘আমি সকলোৱে মানসিক চাপ অনুভৱ কৰো । গণিতত মই বৰ দুৰ্বল আছিলোঁ-এতিয়াও আছো ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ গ্ৰন্থত কৈছে যে আমি সদায় আমাৰ আৱেগ প্ৰকাশ কৰা উচিত আৰু দমন কৰা উচিত নহয় । জাৰ্নেলিং এই কামৰ এক উত্তম উপায় ।’
দীপিকাই আৰু কয় যে ‘ষ্ট্ৰেছ অনুভৱ কৰাটো স্বাভাৱিক আৰু ই জীৱনৰ এটা অংশ । আমি কেনেকৈ চম্ভালিম সেয়া গুৰুত্বপূৰ্ণ… পৰীক্ষা আৰু ফলাফলৰ প্ৰতি ধৈৰ্য্য ধৰাটো গুৰুত্বপূৰ্ণ… আমি কেৱল আমাৰ নিয়ন্ত্ৰণত থকা কামহে কৰিব পাৰো, আমি ভাল টোপনি যাব পাৰো, ভাল পানী খাব পাৰো, ব্যায়াম কৰিব পাৰো আৰু ধ্যান কৰিব পাৰো ।’
শীক্ষাৰ্থীয়ে দীপিকাক সুধিলে : পৰীক্ষাৰ হেঁচাত কেনেকৈ মানসিক শান্তি বজাই ৰাখিব পাৰি ?
চি বি এছ ইৰ এগৰাকী ছাত্ৰীয়ে দীপিকা পাডুকনক প্ৰশ্ন কৰে যে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ ক্ৰমবৰ্ধমান হেঁচাত আমি কেনেকৈ মানসিক শান্তি আৰু ভাৰসাম্য বজাই ৰাখিব পাৰো ?
দীপিকাই উত্তৰ দিলে, “প্ৰতিযোগিতা আৰু আনৰ লগত তুলনা কৰাটো জীৱনৰ এক স্বাভাৱিক অংগ । প্ৰতিযোগিতা নিজৰ বাবেই বেয়া নহয়, কিন্তু আপুনি নিজৰ শক্তিৰ ওপৰত গুৰুত্ব দি নিজৰ দুৰ্বলতাৰ ওপৰত কাম কৰাটো গুৰুত্বপূৰ্ণ । মূল কথাটো হ’ল প্ৰতিযোগীৰ পৰা যি পাৰে শিকিব লাগে । নিজকে প্ৰশ্ন কৰক, ‘তেওঁলোকৰ পৰা মই কি শিকিব পাৰো ?’ আৰু ‘মই কামবোৰ কেনেকৈ বেলেগ ধৰণে কৰিব পাৰো ?’ মোৰ বাবে মোৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা নিজৰ লগত ।
বহু বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰে-
পৰীক্ষ পে চৰ্চা হৈছে বাৰ্ষিক কাৰ্যসূচী য’ত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ মানসিক চাপ, শিক্ষা আৰু চাপ নিয়ন্ত্ৰণৰ বিষয়ে কথা পাতে । এইবাৰৰ অষ্টম সংস্কৰণ সোমবাৰৰ পৰা আৰম্ভ হয় । প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ সুন্দৰ নাৰ্চাৰী ভ্ৰমণ কৰি পৰীক্ষাৰ মানসিক চাপ চম্ভালিব পৰা আৰু অনুপ্ৰাণিত হৈ থকাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতে । এইবাৰ এই অনুষ্ঠানত দীপিকা পাডুকন, বক্সাৰ এম চি মেৰী কম, আধ্যাত্মিক গুৰু সদগুৰুকে ধৰি কেইবাগৰাকীও বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে । এই চেলিব্ৰিটিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু টিপছ শ্বেয়াৰ কৰে ।