মহাৰাষ্ট্ৰৰ সতৰা জিলাৰ এজন ২০ বছৰীয়া ছাত্ৰই সময়মতে পৰীক্ষাত উপস্থিত হ’বলৈ পেৰাগ্লাইডিঙৰ আশ্ৰয় লয় । সোমবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’ ।
বি.কম প্ৰথম বৰ্ষৰ ছাত্ৰ সমৰ্থ মহংগাডে কয় যে ১৫ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল, যেতিয়া তেওঁৰ হঠাতে মনত পৰে যে তেওঁৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা কেইমিনিটমানৰ পিছত অনুষ্ঠিত হোৱাৰ কথা আছে । তেওঁ কয় যে তেওঁ অঞ্চলটোত পেৰাগ্লাইডিং অপাৰেটৰক চিনি পায়, যাৰ সহায়ত তেওঁ এই সমস্যা সমাধান কৰিবলৈ সক্ষম হয় । সমৰ্থ পাছৰনী গাঁৱৰ বাসিন্দা ।
এটা ভিডিঅ’ত দেখা গৈছে যে হেৰিছন ফ’লি নামৰ ঠাইৰ পৰা পেৰাগ্লাইডিং আৰম্ভ কৰে সমৰ্থে । ইয়াৰ পিছত তেওঁ পেৰাগ্লাইডিং কৰি কিষাণবীৰ মহাবিদ্যালয়ত উপস্থিত হয় ।
প্ৰায় ১২ কিলোমিটাৰ দূৰত আছিল কলেজ-
মই হেৰিছন ফ’লিৰ ওচৰৰ কুঁহিয়াৰৰ ৰসৰ দোকানৰ কেন্দ্ৰ এটাত কাম কৰো, সমৰ্থে কয় । সেইদিনা দুপৰীয়া দুই বজাত মনত পৰিল মোৰ পৰীক্ষা দুটা পোন্ধৰত আছে । পৰীক্ষাৰ সময় আৰু তাৰিখ বহুবাৰ সলনি হোৱাৰ বাবে পাহৰি গৈছিলোঁ । দেওবাৰ হোৱাৰ বাবে আৰু গাট অঞ্চলত চলি থকা কামৰ বাবে ৰাস্তাটো জাম হোৱাৰ বাবে মোৰ হাতত ৰাস্তাৰে যোৱাৰ বিকল্প নাছিল আৰু কলেজখন ১২ কিলোমিটাৰ দূৰত আছিল ।
পেৰাগ্লাইডিং অপাৰেটৰসকলে সহায় কৰিছিল-
তেওঁ আৰু কয়, মই সেই অঞ্চলৰ পেৰাগ্লাইডিং অপাৰেটৰসকলক চিনি পাইছিলোঁ । তাৰে এজন গোবিন্দ য়েভালে মোক কলেজলৈ নিবলৈ পাইলট এজনক অনুৰোধ কৰিলে । য়েভালে কয় যে সকলো প্ৰয়োজনীয় সুৰক্ষা সঁজুলি পিন্ধি পাইলট আৰু আমি পাঁচ মিনিটৰ ভিতৰতে কলেজৰ ওচৰৰ মুকলি পথাৰত অৱতৰণ কৰিলোঁ । সমৰ্থে লগতে কয় যে তেওঁৰ বন্ধুসকলে ইতিমধ্যে তেওঁৰ পৰিচয় পত্ৰ আৰু ইউনিফৰ্ম হললৈ লৈ আহিছিল বাবে তেওঁ সময়মতে পৰীক্ষাত হাজিৰ হ’ব পাৰিছিল ।