‘পৰীক্ষা আলোচনা ২০২৫’ৰ ষষ্ঠ খণ্ডটো আজি পুৱা ১০ বজাত সম্প্ৰচাৰ কৰা হৈছিল।এই বিশেষ খণ্ডটোত, বলীউড অভিনেতা বিক্ৰান্ত মেছী আৰু অভিনেত্ৰী ভূমি পেডনেকাৰে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে।
এই সময়ছোৱাত, তেওঁলোকে ইতিবাচকতাৰ সৈতে সৃজনশীলতা অৰ্থাৎ নিজৰ কামৰ প্ৰতি ইতিবাচক মনোভাৱ বজাই ৰাখিব লাগে বুলি কয়।
বিক্ৰান্ত মেছী আৰু ভূমি পেডনেকাৰে পৰীক্ষা আৰু জীৱনৰ চাপৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা ভাগ বতৰা কৰিছিল।
দুয়োজনে তেওঁলোকৰ স্কুলৰ দিনবোৰৰ কথা মনত পেলাই কৈছিল যে তেওঁলোকে কেনেদৰে পিতৃ-মাতৃৰ প্ৰত্যাশা, পৰীক্ষাৰ চাপ আৰু ব্যক্তিগত সংগ্ৰামৰ সন্মুখীন হৈছিল।
পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত নেতিবাচকতা পৰিহাৰ কৰিবলৈ বিক্ৰান্ত মেছিয়ে এটা আকৰ্ষণীয় উপায়ৰ পৰামৰ্শ দিছিল।তেওঁ মনলৈ অহা সকলো নেতিবাচক চিন্তাবেলুনত পূৰণ কৰিবলৈ আৰু ইয়াক উৰিবলৈ দিবলৈ কৈছিল।ই মনটো পাতল কৰিব আৰু ইতিবাচকতা বজাই ৰাখিব।
তেওঁলোকে দৃশ্যায়নৰ শক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।বিক্ৰান্ত মেছিয়ে উল্লেখ কৰিছিল যে কিতাপবোৰ কেৱল পঢ়িব নালাগে, ইয়াৰ পৰিৱৰ্তে, ধাৰণাবোৰ কল্পনা কৰিব লাগে যাতে কথাবোৰ বুজিবলৈ আৰু মনত ৰাখিবলৈ সহজ হয়।
ভূমি পেডনেকাৰে পৰীক্ষাৰ চাপ হ্ৰাস কৰাত আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।তেওঁ কৈছিল যে পৰীক্ষাৰ চাপ সকলোৰে ওপৰত থাকে,কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আত্ম-বিশ্বাস বজাই ৰখাটো অত্যাৱশ্যকীয়।
তেওঁ শিক্ষাৰ্থীসকলক নিজকে বিশ্বাস কৰিবলৈ আৰু আত্মবিশ্বাসেৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ পৰামৰ্শ দিছিল।
তেওঁলোকে বিশ্বাস কৰে যে মানসিক শান্তি আৰু ইতিবাচক চিন্তাই যিকোনো পৰীক্ষা বা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব পাৰে।
বিক্ৰান্ত মেছিয়ে তেওঁৰ শৈশৱৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰি কয় যে পৰীক্ষাৰ চাপ সদায়ে তেওঁৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে। কিন্তু মই ইয়াক মোৰ সামৰ্থ্য প্ৰমাণ কৰাৰ এটা সুযোগ হিচাপে দেখিছিলো।
পিতৃ-মাতৃৰ প্ৰত্যাশাই কেতিয়াবা চাপ সৃষ্টি কৰিব পাৰে।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি আমাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিওঁ আৰু নিজৰ ওপৰত বিশ্বাস বজাই ৰাখোঁ।