পৰীক্ষাৰ সময়ত খালি হৈ পৰে মগজু ; স্মৃতিশক্তি তীক্ষ্ণ কৰিবলৈ বিক্ৰান্ত আৰু ভূমিয়ে দিলে পৰামৰ্শ

‘পৰীক্ষা আলোচনা ২০২৫’ৰ ষষ্ঠ খণ্ডটো আজি পুৱা ১০ বজাত সম্প্ৰচাৰ কৰা হৈছিল।এই বিশেষ খণ্ডটোত, বলীউড অভিনেতা বিক্ৰান্ত মেছী আৰু অভিনেত্ৰী ভূমি পেডনেকাৰে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে।

এই সময়ছোৱাত, তেওঁলোকে ইতিবাচকতাৰ সৈতে সৃজনশীলতা অৰ্থাৎ নিজৰ কামৰ প্ৰতি ইতিবাচক মনোভাৱ বজাই ৰাখিব লাগে বুলি কয়।

বিক্ৰান্ত মেছী আৰু ভূমি পেডনেকাৰে পৰীক্ষা আৰু জীৱনৰ চাপৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা ভাগ বতৰা কৰিছিল।

দুয়োজনে তেওঁলোকৰ স্কুলৰ দিনবোৰৰ কথা মনত পেলাই কৈছিল যে তেওঁলোকে কেনেদৰে পিতৃ-মাতৃৰ প্ৰত্যাশা, পৰীক্ষাৰ চাপ আৰু ব্যক্তিগত সংগ্ৰামৰ সন্মুখীন হৈছিল।

পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত নেতিবাচকতা পৰিহাৰ কৰিবলৈ বিক্ৰান্ত মেছিয়ে এটা আকৰ্ষণীয় উপায়ৰ পৰামৰ্শ দিছিল।তেওঁ মনলৈ অহা সকলো নেতিবাচক চিন্তাবেলুনত পূৰণ কৰিবলৈ আৰু ইয়াক উৰিবলৈ দিবলৈ কৈছিল।ই মনটো পাতল কৰিব আৰু ইতিবাচকতা বজাই ৰাখিব।

তেওঁলোকে দৃশ্যায়নৰ শক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।বিক্ৰান্ত মেছিয়ে উল্লেখ কৰিছিল যে কিতাপবোৰ কেৱল পঢ়িব নালাগে, ইয়াৰ পৰিৱৰ্তে, ধাৰণাবোৰ কল্পনা কৰিব লাগে যাতে কথাবোৰ বুজিবলৈ আৰু মনত ৰাখিবলৈ সহজ হয়।

ভূমি পেডনেকাৰে পৰীক্ষাৰ চাপ হ্ৰাস কৰাত আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।তেওঁ কৈছিল যে পৰীক্ষাৰ চাপ সকলোৰে ওপৰত থাকে,কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আত্ম-বিশ্বাস বজাই ৰখাটো অত্যাৱশ্যকীয়।

তেওঁ শিক্ষাৰ্থীসকলক নিজকে বিশ্বাস কৰিবলৈ আৰু আত্মবিশ্বাসেৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ পৰামৰ্শ দিছিল।

তেওঁলোকে বিশ্বাস কৰে যে মানসিক শান্তি আৰু ইতিবাচক চিন্তাই যিকোনো পৰীক্ষা বা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব পাৰে।

বিক্ৰান্ত মেছিয়ে তেওঁৰ শৈশৱৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰি কয় যে পৰীক্ষাৰ চাপ সদায়ে তেওঁৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে। কিন্তু মই ইয়াক মোৰ সামৰ্থ্য প্ৰমাণ কৰাৰ এটা সুযোগ হিচাপে দেখিছিলো।

পিতৃ-মাতৃৰ প্ৰত্যাশাই কেতিয়াবা চাপ সৃষ্টি কৰিব পাৰে।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি আমাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিওঁ আৰু নিজৰ ওপৰত বিশ্বাস বজাই ৰাখোঁ।

12th Fail ৰ পৰা ছেক্টৰ ৩৬ লৈকে, এই OTT প্লেটফৰ্মত চাওক বিক্ৰান্ত মেছীৰ এইসমূহ ছবি

বলীউডৰ অভিনেতা বিক্ৰান্ত মেছীয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছে । তেওঁ এই সিদ্ধান্ত কিয় ল’লে  সেয়া অনুৰাগীসকলে এতিয়াও বুজিব পৰা নাই ।

বিক্ৰান্ত মেছীয়ে তেওঁৰ শেহতীয়া ছবি দ্য সবৰমতী ৰিপ’ৰ্টৰ পিছৰে পৰা শিৰোনাম দখল কৰি আহিছে । এতিয়া অৱসৰৰ কথা ঘোষণা কৰি তেওঁ সকলোকে আচৰিত কৰিছে । বিক্ৰান্তে এই পোষ্টটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । বিক্ৰান্তে পোষ্টটোত আগন্তুক ২০২৫ চনত যেতিয়ালৈকে সঠিক সময় নাহে শেষবাৰৰ বাবে লগ পোৱাৰ কথা উল্লেখ কৰিছে ।

ইয়াৰ মাজতে আজি আপোনালোকক বিক্ৰান্তে অভিনয় কৰা কেইখনমান ভাল ছবিৰ বিষয়ে আপোনালোকক জনাম, যিকেইখন আপুনি OTT ত চাব পাৰিব ।

ছাৰা আলী খান আৰু চিত্ৰাংগদা সিঙৰ সৈতে মুক্তি পোৱা বিক্ৰান্ত মেছীৰ এখন ছবি আছিল গেছলাইট । এই ছবিখন ডিজনী প্লাছ হটষ্টাৰত চাব পাৰিব । ইফালে এইবছৰ মুক্তি পোৱা তেওঁৰ আন এখন ছবি ছেক্টৰ ৩৬ নেটফ্লিক্সত উপভোগ কৰিব পাৰিব ।

বিক্ৰান্ত মেছীয়ে জনপ্ৰিয় ছিৰিজ মিৰ্জাপুৰত বাবলু পণ্ডিতৰ চৰিত্ৰত অভিনয় কৰি সকলোকে মোহিত কৰিছিল । প্ৰথম ছিজনত তেওঁৰ মৃত্যুৰ পিছত অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰিছিল । প্ৰাইম ভিডিঅ’ত চাব পাৰিব মিৰ্জাপুৰ ।

বিক্ৰান্তে দীপিকা পাডুকনৰ সৈতে ছাপাকত কাম কৰিছিল । ডিজনী প্লাছ হটষ্টাৰত এই ছবিখন চাব পাৰিব । উল্লেখ্য যে, 12th Fail ৰ পিছত বিক্ৰান্ত মেছীৰ কেৰিয়াৰ যথেষ্ঠ উচ্চতালৈ গৈছিল । এই ছবিখনে তেওঁক এক সুকীয়া পৰিচয় দিয়ে । এই ছবিখন ডিজনী প্লাছ হটষ্টাৰত চাব পাৰিব ।

ইফালে শেহতীয়াকৈ বিক্ৰান্তৰ ছবি দ্য সবৰমতী ৰিপৰ্ট ছবিগৃহত মুক্তি লাভ কৰিছে । এই ছবিখনৰ OTT মুক্তিৰ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

আৰু অভিনয় নকৰে ’12TH FAIL’ৰ অভিনেতা বিক্ৰান্ত মেছীয়ে !  ৩৭ বছৰ বয়সতে অভিনয় জগতৰ পৰা অৱসৰ ল’লে অভিনেতাগৰাকীয়ে

১ ডিচেম্বৰ দেওবাৰে অভিনেতা বিক্ৰান্ত মেছীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি অনুৰাগীক আচৰিত কৰি তুলিছে, যিটো পোষ্ট দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । আচলতে এই পোষ্টটোত তেওঁ অভিনয়ৰ পৰা বিৰতি লোৱা বুলি ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছে । নিজৰ শক্তিশালী অভিনয়েৰে দৰ্শকক মোহিত কৰা বিক্ৰান্ত মেছীয়ে ২০০৪ চনত টিভি শ্ব’ ‘কাহান হুন মেইন’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিছত তেওঁ ‘ধৰমবীৰ’, ‘বালিকা বাধু’ আৰু ‘কুবুল হ্যায়’ আদি বহু টিভি শ্ব’তো কাম কৰিছিল ।

ইয়াৰ পিছত ২০১৩ চনত ‘লুটেৰা’ ছবিৰে বলীউডত অভিষেক ঘটায়, য’ত তেওঁ দেৱদাস মুখাৰ্জীৰ চৰিত্ৰত অভিনয় কৰিছিল । ২০ বছৰীয়া যাত্ৰাত বিক্ৰান্তে বহু ছবিত কাম কৰিছিল, তাৰে কিছুমান হিট আৰু কিছুমান ফ্লপো হৈছিল । কিন্তু তেওঁৰ ছবি ’12TH FAIL’ আৰু শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’এ বক্স অফিচত যথেষ্ট সমাদৰ লাভ কৰিছিল । সেয়েহে বিক্ৰান্ত মেছীৰ এই পোষ্টটোৱে তেওঁৰ অনুৰাগীক আচৰিত কৰি তুলিছে আৰু ইয়াৰ আঁৰৰ কাৰণ সকলোৱে জানিব বিচাৰিছে । তেওঁৰ এই পোষ্টটো এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

অভিনয়ৰ পৰা অৱসৰ ল’লে বিক্ৰান্ত মেছীয়ে-

বিক্ৰান্তে নিজৰ ইনষ্টাগ্ৰামত অতি আৱেগিক এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে । তেওঁ নিজৰ পোষ্টত লিখিছে, ‘যোৱা কেইটামান বছৰ চমৎকাৰ আছিল । আপোনালোক সকলোকে সহায়ৰ বাবে আন্তৰিক ধন্যবাদ । এতিয়া নিজকে ৰিছেট কৰাৰ সময় । ২০২৫ চনত শেষবাৰৰ বাবে লগ পাম, সঠিক সময় নহালৈকে । শেষৰ দুখন ছবি আৰু অগণন স্মৃতি । সকলো কামৰ বাবে ধন্যবাদ । সদায় কৃতজ্ঞ হৈ থাকিম ।‘ অনুৰাগীসকলে এই পোষ্টটোত বহুত কমেন্ট কৰিছে, তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে জানিব বিচাৰিছে ।

বিক্ৰান্তই লাভ কৰিছিল সফলতা আৰু বঁটা-

যোৱা বছৰ মুক্তি পোৱা ’12TH FAIL’ ছবিখনত বিক্ৰান্তে আই পি এছ মনোজ কুমাৰ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰি বহু প্ৰশংসা লাভ কৰিছিল । আগষ্ট মাহত মুক্তি পোৱা ‘ফিৰ আয়ী হাছিন দিলৰুবা’ ছবিখনত ঋষুৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল তেওঁ । তেওঁৰ নতুন ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’এ দৰ্শকৰ লগতে আনকি প্ৰধানমন্ত্ৰী মোদীৰ দৰে ৰাজনীতিবিদৰ পৰাও প্ৰশংসা লাভ কৰে । বিক্ৰান্তে আই এফ এফ আই ২০২৪ত ‘বছৰৰ ব্যক্তিত্ব’ৰ সন্মান লাভ কৰে, যাৰ বাবে তেওঁ কয়, ‘মই সদায় দায়িত্ব লৈ কাম কৰো । মোৰ ছবিবোৰত মনোৰঞ্জনৰ লগতে সমাজৰ সত্যতাও দেখুৱাবলৈ চেষ্টা কৰো ।‘

পৰিয়ালক সময় দিয়াৰ সিদ্ধান্ত-

১৫ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰা তেওঁৰ ছবি ‘দ্য সবৰমতী ৰিপ’ৰ্ট’এ ২২ কোটি টকা সংগ্ৰহ কৰিছে । গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্য প্ৰদেশত কৰমুক্ত ঘোষণা কৰা হৈছিল । যদি আমি তেওঁৰ ব্যক্তিগত জীৱনলৈ চোৱা যায় তেন্তে বিক্ৰান্ত আৰু তেওঁৰ পত্নী শীতল ঠাকুৰে এই বছৰ প্ৰথম সন্তানক আদৰণি জনাইছিল । ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি তেওঁ স্বামী, পিতৃ-পুত্ৰৰ দায়িত্ব পালন কৰাৰ সিদ্ধান্ত লয় । তেওঁৰ এই সিদ্ধান্তই অনুৰাগীসকলকো আৱেগিক কৰি তুলিছে । তেওঁৰ শেষৰ দুখন ছবি ২০২৫ চনত মুক্তি পাবলৈ গৈ আছে ।