এডিলেইড টেষ্টত দ্বিতীয় দিনাৰ খেলৰ শেষলৈকে ভাৰতে দ্বিতীয় ইনিংছত ৫ টা উইকেট হেৰুৱাই ১২৮ ৰাণ সংগ্ৰহ কৰিছে । ভাৰতীয় দলটো এতিয়াও প্ৰথম ইনিংছত ২৯ ৰাণত পিছ পৰি আছে । ভাৰতৰ দ্বিতীয় ইনিংছত ঋষভ পন্টে বৰ্তমান ২৮ ৰাণত অপৰাজিত আছে আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ১৫ ৰাণ সংগ্ৰহ কৰি ক্ৰীজত আছে । এতিয়ালৈকে, পেট কামিন্স আৰু স্ক’ট বোলেণ্ডে অষ্ট্ৰেলিয়াৰ হৈ দুটাকৈ উইকেট দখল কৰিছে, আনহাতে মিচেল ষ্টাৰ্কে এটা উইকেট দখল কৰিছে ।
প্ৰথম দিনাৰ খেলৰ শেষলৈ অষ্ট্ৰেলিয়াই এটা উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছিল । দ্বিতীয় দিনটো ভাৰতৰ বাবে ভাল আৰম্ভণি হৈছিল, কাৰণ নাথান মেকচুইনি আৰু ষ্টিভ স্মিথ সোনকালেই আউট হৈ পেভিলিয়নলৈ উভতি আহিছিল । মাৰ্নাছ লাবুচাগেনে ৬৪ ৰাণৰ অৰ্ধশতক অৰ্জন কৰে, কিন্তু ট্ৰেভিছ হেডে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । হেডে ৯৯ তকৈ অধিক ষ্ট্ৰাইক ৰেটত ১৪০ৰাণ সংগ্ৰহ কৰে, যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতক আছিল ।
পৰাজয়ৰ পৰা ৫ উইকেটৰ দূৰত ভাৰত-
প্ৰথম ইনিংছত ভাৰতৰ বিৰুদ্ধে ১৫৭ ৰানত অগ্ৰগতি লাভ কৰিছিল অষ্ট্ৰেলিয়াই । যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ভাৰতৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি ৰাহুল আউট হয় । জয়ছোৱাল আৰু শুভমন গীলে ক্ৰমে ২৪ আৰু ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইফালে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলীয়ে মাত্ৰ ১১ ৰান কৰিয়েই পেভিলিয়নৰ বাট বুলে । ক্ৰীজলৈ অহাৰ পিছৰে পৰা অধিনায়ক ৰোহিত শৰ্মাক সংগ্ৰাম কৰি থকা দেখা যায় । অধিনায়কগৰাকীক পেট কামিন্সে ব্যক্তিগত ৬ ৰানৰ স্ক’ৰত ক্লিন বল্ড কৰে । এতিয়া ভাৰত পৰাজয়ৰ পৰা মাত্ৰ ৫ উইকেট দূৰত ।
ঋষভ পন্টৰ পৰা আশা-
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সময়ে সময়ে টিম ইণ্ডিয়াৰ বাবে ত্ৰাণকৰ্তা হৈ আহিছে ঋষভ পন্ট । দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ঋষভ পণ্টে বৰ্তমান ১১২ ৰানৰ ষ্ট্ৰাইক ৰেটত ২৮ ৰান সংগ্ৰহ কৰি খেলি আছে । তেওঁৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়েও ১৪টা বলত ১৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে । দুয়োজনে দ্ৰুত শ্বট মাৰি খেলিবলৈ চেষ্টা কৰিছিল । ইনিংছৰ পৰাজয়ৰ পৰা হাত সাৰিবলৈ টিম ইণ্ডিয়াই কমেও ২৯ ৰান সংগ্ৰহ কৰিব লাগিব ।