আজিৰে পৰা (২২ মাৰ্চ) আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ । এই ১৮ সংখ্যক ছিজনৰ অন্তিমখন খেল ২৫ মে’ত অনুষ্ঠিত হ’ব । ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ ।
আই পি এল ২০২৫ ছিজনত ৬৫ দিনত ১০টা দলৰ মাজত ফাইনেলকে ধৰি মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব । ক’ব পাৰি যে আই পি এলৰ ইতিহাস যিমানেই আমোদজনক সিমানেই অভিলেখেৰে ভৰপূৰ । এই প্ৰতিযোগিতাৰ প্ৰথম ছিজনৰ পৰা ১৭ সংখ্যক ছিজনলৈকে বহু ডাঙৰ অভিলেখ সংযোজন হৈছে । এইবোৰৰ ভিতৰত ১০টা বিশেষ আৰু ডাঙৰ ৰেকৰ্ডৰ বিষয়ে জানো আহক…
১/ ৯ বছৰে অটুট আছে কোহলীৰ এই অভিলেখ-
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আই পি এলত এনে এক অভিলেখ গঢ়ি থৈছে যে ইয়াক স্পৰ্শ কৰাটোও অসম্ভৱ যেন লাগে । এই অভিলেখ ৯ বছৰ ধৰি অটুট আছে । আই পি এলৰ ছিজনত সৰ্বাধিক ৰান অৰ্থাৎ ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখ কোহলীৰ হাতত আছে । এই কৃতিত্ব ২০১৬ চনত অৰ্জন কৰিছিল তেওঁ । তেতিয়া কোহলীয়ে ৪টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছিল । অৱশ্যে গুজৰাট টাইটানছৰ হৈ খেলি থকাৰ সময়ত ২০২৩ চনৰ ছিজনত শুভমন গীলে ৮৯০ ৰান সংগ্ৰহ কৰিছিল । তেওঁ এই অভিলেখৰ অতি ওচৰ চাপি আহিছিল ।
২/ কোহলী-ডি ভিলিয়াৰ্ছৰ হাতত অংশীদাৰিত্বৰ অভিলেখ-
আই পি এলৰ ইতিহাসত সৰ্ববৃহৎ অংশীদাৰিত্বৰ অভিলেখ বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছে আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে গঢ়ি তুলিছিল । ২০১৬ চনৰ ছিজনত দুয়োজনে উজ্জ্বল বেটিং কৰিছিল আৰু একেলগে গুজৰাট লায়ন্সৰ বিৰুদ্ধে খেলখনত ২২৯ ৰান সংযোজন কৰিছিল । এই মেচখনত কোহলী আৰু ডি ভিলিয়াৰ্ছ দুয়োজনে শতক অৰ্জন কৰে । কোহলীয়ে ৫৫টা বলত ১০৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডি ভিলিয়াৰ্ছে ৫২টা বলত ১২৯ ৰান সংগ্ৰহ কৰে ।
৩/ ক্ৰীছ গেইলৰ নামত দ্ৰুততম শতক-
আই পি এল ২০১৩ ছিজনত আৰ চি বিৰ অংশ আছিল ক্ৰীছ গেইল । তেওঁ পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে এখন খেলত ৩০টা বলত শতক অৰ্জন কৰে । আজিও অটুট থকা আই পি এলৰ এইটোৱেই হৈছে আটাইতকৈ দ্ৰুততম শতক । তেওঁৰ পিছত দ্বিতীয় স্থানত আছে ডেভিদ মিলাৰ, যিয়ে ২০১৩ চনৰ একেটা ছিজনতে পঞ্জাব কিংছৰ হৈ খেলি থকাৰ সময়ত আৰ চি বিৰ বিৰুদ্ধে ৩৮টা বলত শতক অৰ্জন কৰিছিল ।
৪/ আই পি এলত দ্ৰুততম অৰ্ধ শতক অৰ্জন কৰে যশস্বীয়ে-
আই পি এলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ ৰাজস্থান ৰয়েলছৰ (আৰ আৰ)ৰ অ’পেনাৰ যশস্বী জয়ছোৱালৰ হাতত আছে । ২০২৩ চনৰ ১১ মে’ত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে খেলখনত ১৩টা বলত অৰ্ধ শতক অৰ্জন কৰে তেওঁ । এই মেচখন অনুষ্ঠিত হৈছিল ইডেন গাৰ্ডেনত । অৰ্ধশতক অৰ্জন কৰাৰ সময়ত যশস্বীয়ে ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।
৫/ গেইলৰ ধুমুহাৰ সময়ত ৬ৰ অভিলেখ-
ক্ৰীছ গেইলে আন এক অভিলেখ গঢ়ি থৈছে যিটো ভংগ কৰিবলৈ বহু কষ্টৰ প্ৰয়োজন হ’ব । ২০১৩ চনৰ ছিজনত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত ক্ৰীছ গেইলে এখন মেচত ১৭টা ছয় কোবাইছিল । পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলখনত ১৭৫ ৰানৰ ইনিংছ খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এইটোৱেই আছিল কোনো বেটছমেনে এটা ইনিংছত সৰ্বাধিক আঘাত কৰা ছয় । ইয়াৰ উপৰিও ই আই পি এলৰ যিকোনো বেটছমেনৰ সৰ্বাধিক স্ক’ৰ ।
৬/ এটা অভাৰত সৰ্বাধিক ৰান-
আই পি এলত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ক্ৰীছ গেইল আৰু ৰবীন্দ্ৰ জাডেজাৰ হাতত আছে । ২০১১ বৰ্ষৰ ছিজনত কোচি টাস্কাৰছৰ বলাৰ প্ৰশান্ত পৰমেশ্বৰনৰ অভাৰত ৩৭ ৰান সংগ্ৰহ কৰিছিল আৰ চি বিৰ ক্ৰীছ গেইলে । এই অভাৰত দুটা ন’ বল আছিল আৰু গেইলে একেৰাহে তিনিটা ছয় কোবাইছিল । আনহাতে, ২০২১ চনৰ আই পি এল ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলা জাডেজাই আৰ চি বিৰ বলাৰ হৰ্ষল পেটেলৰ এটা অভাৰত ৩৭ ৰান সংগ্ৰহ কৰে ।
৭/ অভিষেক মেচত ৬ উইকেট
আই পি এলত অভিষেক ঘটোৱাৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ পেচাৰ আলজাৰী জোচেফে আলোড়নৰ সৃষ্টি কৰে । ২০১৯ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি তেওঁ অভিষেক ঘটায় । তাৰ পিছত প্ৰথমখন মেচতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৩.৪ অভাৰত ১২ ৰানত ৬ উইকেট দখল কৰে তেওঁ । এই অভিলেখ এতিয়াও অটুট আছে ।
৮/ সৰ্বাধিক তিনিবাৰ হেট্ৰিকৰ অভিলেখ-
আই পি এলৰ ইতিহাসত এবাৰ বা দুবাৰ নহয় তিনিবাৰ হেট্ৰিক কৰা এজন বলাৰ আছে । তেওঁ হৈছে অমিত মিশ্ৰ । ভাৰতীয় দলৰ তাৰকা স্পীনাৰ অমিত মিশ্ৰই আই পি এলত তিনিবাৰকৈ হেট্ৰিক কৰা একমাত্ৰ বলাৰ । তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), ডেকান চাৰ্জাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ।