পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং । শনিবাৰে দিল্লীৰ নিগম বোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুক আৰু মৰিচাছৰ বৈদেশিক মন্ত্ৰী মনীষ গোবিনো নিগাম বোধ ঘাটত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ প্রতি সন্মানৰ চিন স্বৰূপে অহা ২৮ ডিচেম্বৰত মৰিচাছ চৰকাৰে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত বুলি ঘোষণা কৰিছে ৷ মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীন ৰামগুলামৰ কাৰ্যালয়ে ব্যক্তিগত খণ্ডকো পতাকা অৰ্ধনমিত কৰিবলৈ আহ্বান জনাইছে ।
মৰিচাছৰ বৈদেশিক মন্ত্ৰী ধনঞ্জয় ৰামফুলে দিল্লীলৈ আহি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছত জনোৱা হৈছে যে আজি অৰ্থাৎ শনিবাৰে সূৰ্যাস্তলৈকে সকলো চৰকাৰী ভৱনত মৰিচাছৰ পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব ।” ইয়াত আৰু কোৱা হৈছে যে, “ব্যক্তিগত খণ্ডকো পতাকা অৰ্ধনমিত ৰাখিবলৈ আবেদন জনোৱা হৈছে ।” উল্লেখ্য যে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী কাৰ্যকালত মৰিচাছকে ধৰি বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট বৃদ্ধি পাইছিল ।