চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । সোমবাৰে পুৱা ৯.৪৫ বজাত তেওঁৰ বিমান দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । ইয়াৰ পিছতে ভাৰত ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ সন্ধিয়া প্ৰধানমন্ত্ৰী গৃহত উপস্থিত হয় ভেন্স । এই ভ্ৰমণক দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
প্ৰধানমন্ত্ৰী মোদী আৰু জে ডি ভেন্সৰ সাক্ষাৎ-
৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জে ডি ভেন্সৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় । ভেন্সৰ পত্নী আৰু সন্তানকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভেন্স পৰিয়ালক উষ্ম আদৰণি জনোৱা হয় ।
জে ডি ভেন্সৰ এই ভাৰত ভ্ৰমণ অতি বিশেষ । তেওঁ পৰিয়ালসহ ভাৰতলৈ আহিছে । পত্নী উষা আৰু সন্তান ইভান, বিবেক আৰু মিৰাবেলো ভেন্সৰ সৈতে আছে । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে জে ডি ভেন্স ।