মঙলবাৰে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানীক হায়দৰাবাদ হাউছত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে কাটাৰৰ আমিৰক ৰাষ্ট্ৰপতি ভৱনত ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰা হয় । তেওঁক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ইয়াত প্ৰধানমন্ত্ৰী মোদীও উপস্থিত থাকে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীক হায়দৰাবাদ হাউছত উষ্ম আদৰণি জনায় । ভাৰত-কাটাৰৰ বিশেষ অংশীদাৰিত্বৰ এয়া এক নতুন মাইলৰ খুঁটি ।
ভাৰত আৰু কাটাৰৰ মাজত স্বাক্ষৰিত গুৰুত্বপূৰ্ণ চুক্তি-
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানীৰ উপস্থিতিত দিল্লীৰ হায়দৰাবাদ হাউচত ভাৰত আৰু কাটাৰৰ মাজত আয়ৰ ওপৰত কৰ পৰিহাৰ আৰু বিত্তীয় ফাঁকি প্ৰতিৰোধৰ সংশোধিত চুক্তি স্বাক্ষৰিত হয় । এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাও হয় । দুয়োজন নেতাই ইজনে সিজনক সম্ভাষণ জনাই হাত মিলাই । কাটাৰৰ আমিৰৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।
প্ৰতিনিধি দল পৰ্যায়ৰ আলোচনা-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ লগতে কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ সৈতে আলোচনাৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । কাটাৰৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী । কাটাৰৰ আমিৰেও মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে । আমিৰৰ সৈতে যোৱা কাটাৰৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে দিল্লীত উপস্থিত হয় কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী ।
জয়শংকৰে কাটাৰৰ আমিৰক সাক্ষাৎ কৰে-
ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈ কাটাৰৰ আমিৰক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । কাটাৰৰ আমিৰৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল আছিল । ইয়াৰ পূৰ্বে ২০১৫ চনৰ মাৰ্চ মাহত তেওঁ ভাৰত ভ্ৰমণ কৰিছিল । কাটাৰত থকা ভাৰতীয় সম্প্ৰদায়ে কাটাৰৰ প্ৰগতি আৰু উন্নয়নত ইতিবাচক অৱদান আগবঢ়োৱাৰ বাবে শলাগ লৈছে ।
কাটাৰৰ আমিৰক আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে-
সোমবাৰে সন্ধিয়া কাটাৰৰ আমিৰক বিমানবন্দৰত আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত পোষ্ট কৰি কয় যে মোৰ ভাতৃ কাটাৰৰ আমিৰ প্ৰধানমন্ত্ৰী শ্বেখ তামিম বিন হামাদ আল থানীক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিলো । মই তেওঁৰ সফল ভাৰত ভ্ৰমণৰ কামনা কৰিছো আৰু কাইলৈ আমাৰ বৈঠকৰ বাবে আগ্ৰহী ।” বৈদেশিক মন্ত্ৰালয়ে কয় যে কাটাৰৰ আমিৰৰ এই ভ্ৰমণে “আমাৰ ক্ৰমবৰ্ধমান বহুমুখী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব ।”