ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ মাজৰ সম্পৰ্ক আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ মঙলবাৰে ভাৰতত উপস্থিত হয় ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেইখ হামদান বিন মহম্মদ বিন । তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত শ্বেখ মহম্মদে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত টুইট কৰি আনন্দ প্ৰকাশ কৰে ।
তেওঁ লিখিছে যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাই সুখী । আমাৰ আলোচনাই ইউ এ ই আৰু ভাৰতৰ মাজত সম্পৰ্কৰ শক্তিশালীতা প্ৰদৰ্শন কৰিলে । তেওঁ কয় যে এই সম্পৰ্কসমূহ বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, ইতিহাসৰ দ্বাৰা গঢ় লৈ উঠিছে আৰু সুযোগ, উদ্ভাৱন আৰু স্থায়ী সমৃদ্ধিৰে ভৰা এক উন্নত ভৱিষ্যত গঢ়ি তোলাৰ আমাৰ উমৈহতীয়া দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত । উল্লেখ্য যে ৰাজকুমাৰ শ্বেখ হামদানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰো উপস্থিত আছিল ।
প্ৰধানমন্ত্ৰী মোদীয়েও সুখ প্ৰকাশ কৰে-
নতুন দিল্লীত ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেখ হামদানক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুখ প্ৰকাশ কৰি ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ মাজত শক্তিশালী দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে তেওঁ ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমক লগ পাই সুখী । ভাৰত-ইউ এ ইৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াত ডুবাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেওঁ কয় যে এই বিশেষ ভ্ৰমণে আমাৰ গভীৰ বন্ধুত্বৰ প্ৰতিফলন ঘটায় । ইয়াৰ উপৰিও ভৱিষ্যতে আৰু অধিক শক্তিশালী সহযোগিতাৰ পথ মুকলি কৰে ।