যোৱা কেইমাহমানৰ পৰা গায়ক দিলজিৎ দোছাঞ্জে সমগ্ৰ দেশতে নিজৰ সংগীত কনচাৰ্ট কৰি আছে । তেওঁৰ সংগীত ভ্ৰমণ দেশৰ বিভিন্ন ৰাজ্যত কৰিছিল, এই সংগীত ভ্ৰমণৰ নাম আছিল দিল লুমিনাটি । এই অনুষ্ঠানৰ জৰিয়তে দিলজিতে সমগ্ৰ দেশৰ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰিছিল । তেওঁৰ সংগীত আৰু হৃদয় জয় কৰা কলাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ কণ্ঠশিল্পী দিলজিৎ দোছাঞ্জে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দিলজিতে এই বৈঠকৰ ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে কয় হৃদয় জয় কৰা এজন ব্যক্তি-
ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে দিলজিতক কৈছে যে ভাৰতৰ এখন গাঁৱৰ ল’ৰাই যেতিয়া নিজৰ নাম পৃথিৱীত উজ্জ্বল কৰি তোলে ভাল লাগে । প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে আপোনাৰ নাম দিলজিৎ আৰু আপুনি সকলোৰে হৃদয় জয় কৰি আছে ।
ভাৰতৰ মহত্ত্বৰ ওপৰত আলোচনা হৈছিল-
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতি থাকোঁতে গায়ক দিলজিতে কয় যে তেওঁ শৈশৱতে শুনিছিল যে ভাৰত এখন মহান দেশ । কিন্তু যেতিয়া তেওঁ নিজৰ দেশখন দেখি আৰু বুজি পালে, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে আমাৰ দেশখন সঁচাকৈয়ে মহান । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশ আৰু সংস্কৃতি অতি জীৱন্ত ।
যোগৰ গুৰুত্বৰ ওপৰত আলোচনা-
প্ৰধানমন্ত্ৰী মোদী আৰু দিলজিতৰ মাজত হোৱা বৈঠকৰ এই ভিডিঅ’টোত যোগৰ বিষয়েও আলোচনা কৰা দেখা গৈছে । দিলজিতে কয় যে যোগৰ শক্তি অপৰিসীম, প্ৰধানমন্ত্ৰী মোদীয়েও এই কথাত সন্মতি প্ৰকাশ কৰে ।
ইফালে এই সাক্ষাতৰ ভিডিঅ’ত দিলজিতে এটা ভক্তিমূলক গীত গোৱা দেখা গৈছিল, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ওচৰতে ৰখা টেবুলত তবলা সদৃশ তাল দিবলৈ আৰম্ভ কৰে । এই কথা দেখি গায়ক দিলজিত বৰ আনন্দিত হৈছিল । সাক্ষাতৰ শেষত প্ৰধানমন্ত্ৰীয়ে গায়কজনৰ প্ৰতিভাৰ প্ৰশংসা কৰে ।