প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী উন্নয়নৰ পক্ষত । তেওঁৰ পৰা মই প্ৰেৰণা লাভ কৰোঁ । প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি নাইডুৱে কয় যে তেওঁ এতিয়া কেৱল ভাৰতীয় নেতা নহয়, বিশ্বজনীন নেতা । তেওঁৰ স্থান বিশ্বৰ সকলো নেতাতকৈ বহু উচ্চ ।
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত সমৃদ্ধ হ’ব : মুখ্যমন্ত্ৰী নাইডু
নাইডুৱে কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰভাৱিত হৈছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ নেতৃত্বত ভাৰতক আগুৱাই লৈ গৈছে । তেওঁৰ নেতৃত্বত ভাৰত আৰু সমৃদ্ধ হ’ব । আমি সকলো তেওঁৰ বাবে গৌৰৱান্বিত । শেহতীয়া বিধানসভা নিৰ্বাচনত আমি (টি ডি পি, জনসেনা আৰু বিজেপি) একেলগে যুঁজ দিছিলো আৰু ৰাইজে এক ঐতিহাসিক ৰায় দিছিল । আমাৰ ষ্ট্ৰাইক ৰেট আছিল ৯৩ শতাংশ ।
নাইডুৱে কয় যে আমি বিধানসভা নিৰ্বাচনত ১৬৪খন আসন লাভ কৰি লোকসভা নিৰ্বাচনতো ২১খন আসন দখল কৰিলোঁ । ভৱিষ্যতেও এই মিত্ৰতা অব্যাহত থাকিব বুলি কয় তেওঁ । চন্দ্ৰবাবু নাইডুৱে কয় যে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এন ডি এৰ জয় কেৱল প্ৰধানমন্ত্ৰী মোদীৰ হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থকাৰ বাবে মানুহে সদায় তেওঁৰ সৈতে থিয় দিয়ে ।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়ন, সংস্কাৰ, সুশাসন আদি শ্লোগানেৰে দেশক আগুৱাই লৈ গৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী নাইডুৱে । পি এম কিষাণ নিধি, মেক-ইন-ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে কাৰ্যসূচীৰ কথা উল্লেখ কৰি নাইডুৱে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ প্ৰথম বা দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ।
উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আধাৰশিলা স্থাপন কৰাৰ লগতে দুই লাখ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।