‘ৰাহুল গান্ধীৰ সৈতে সম্পৰ্ক আছে চন্দ্ৰবাবু নাইডুৰ’; জগন মোহন ৰেড্ডীৰ ডাঙৰ মন্তব্য

জগন মোহন ৰেড্ডীৰ ডাঙৰ মন্তব্য

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী জগন মোহন ৰেড্ডীয়ে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক লৈ ডাঙৰ মন্তব্য কৰিছে।

জগন মোহন ৰেড্ডীয়ে কয় যে চন্দ্ৰবাবু নাইডুৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ জৰিয়তে হটলাইনত ৰাহুল গান্ধীৰ সৈতে যোগাযোগত আছে।

তেওঁ লগতে কয়, “ৰাহুল গান্ধীয়ে যেতিয়া ভোট চুৰিৰ কথা কয়, তেতিয়া অন্ধ্ৰ প্ৰদেশৰ বিষয়ে কিয় বক্তব্য নিদিয়ে,য’ত ঘোষিত ফলাফল আৰু গণনাৰ দিনত ফলাফলৰ মাজত সৰ্বোচ্চ পাৰ্থক্য ১২.৫% ভোট”।

“অৰবিন্দ কেজৰিৱালৰ কথা নকয় কিয়? কাৰণ অৰবিন্দ কেজৰিৱাল নিজেই বিধায়ক নিৰ্বাচনত পৰাস্ত হৈছিল।তেওঁ তেনেকুৱা নকৰে।”

তেওঁ আৰু কয় যে, “ৰাহুল গান্ধীয়ে অন্ধ্ৰৰ কথা নকয় কাৰণ চন্দ্ৰবাবু নাইডু ৰেৱন্ত ৰেড্ডীৰ জৰিয়তে হটলাইনত ৰাহুল গান্ধীৰ সৈতে যোগাযোগ আছে…মই ৰাহুল গান্ধীৰ দৰে ব্যক্তিৰ ওপৰত কি মন্তব্য দিম, যি নিজৰ কামৰ প্ৰতি সৎ নহয়?”

ইয়াৰ পূৰ্বে দেওবাৰে জগনমোহন ৰেড্ডীয়ে পুলিভেন্দুলাত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক পুলিভেণ্ডুলা আৰু ভন্টমিটা স্থানীয় সংস্থাৰ উপ-নিৰ্বাচনত “গণতন্ত্ৰ দুৰ্বল” কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়ক: শুল্ক যুদ্ধৰ মাজতে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

মোদী কেৱল ভাৰতীয়ই নহয় বিশ্বৰ নেতাসকলৰ মাজতো অতি উচ্চ…প্ৰধানমন্ত্ৰীক প্ৰশংসা চন্দ্ৰবাবু নাইডুৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী উন্নয়নৰ পক্ষত । তেওঁৰ পৰা মই প্ৰেৰণা লাভ কৰোঁ । প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি নাইডুৱে কয় যে তেওঁ এতিয়া কেৱল ভাৰতীয় নেতা নহয়, বিশ্বজনীন নেতা । তেওঁৰ স্থান বিশ্বৰ সকলো নেতাতকৈ বহু উচ্চ ।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত সমৃদ্ধ হ’ব : মুখ্যমন্ত্ৰী নাইডু

নাইডুৱে কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰভাৱিত হৈছে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ নেতৃত্বত ভাৰতক আগুৱাই লৈ গৈছে । তেওঁৰ নেতৃত্বত ভাৰত আৰু সমৃদ্ধ হ’ব । আমি সকলো তেওঁৰ বাবে গৌৰৱান্বিত । শেহতীয়া বিধানসভা নিৰ্বাচনত আমি (টি ডি পি, জনসেনা আৰু বিজেপি) একেলগে যুঁজ দিছিলো আৰু ৰাইজে এক ঐতিহাসিক ৰায় দিছিল । আমাৰ ষ্ট্ৰাইক ৰেট আছিল ৯৩ শতাংশ ।

নাইডুৱে কয় যে আমি বিধানসভা নিৰ্বাচনত ১৬৪খন আসন লাভ কৰি লোকসভা নিৰ্বাচনতো ২১খন আসন দখল কৰিলোঁ । ভৱিষ্যতেও এই মিত্ৰতা অব্যাহত থাকিব বুলি কয় তেওঁ । চন্দ্ৰবাবু নাইডুৱে কয় যে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এন ডি এৰ জয় কেৱল প্ৰধানমন্ত্ৰী মোদীৰ হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি থকাৰ বাবে মানুহে সদায় তেওঁৰ সৈতে থিয় দিয়ে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়ন, সংস্কাৰ, সুশাসন আদি শ্লোগানেৰে দেশক আগুৱাই লৈ গৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী নাইডুৱে । পি এম কিষাণ নিধি, মেক-ইন-ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে কাৰ্যসূচীৰ কথা উল্লেখ কৰি নাইডুৱে আস্থা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ প্ৰথম বা দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব ।

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আধাৰশিলা স্থাপন কৰাৰ লগতে দুই লাখ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

হঠাৎ লুটিবাগৰ চন্দ্ৰবাবু নাইডুৰ; সংগ নেৰে প্ৰধানমন্ত্ৰী মোদীৰ

ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা চলি আছিল যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি ? কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ সুৰ সলনি চন্দ্ৰবাবু নাইডুৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে।ৰাজহুৱা সভাত মোদীৰ সন্মুখত এই ডাঙৰ ঘোষণা নাইডুৰ। ডৰাচলতে কিছুদিন পূৰ্বে নাইডুৰ জৰিয়তে INDI এলায়েন্সে মোদী চৰকাৰক শলঠেকত পেলোৱাৰ চিন্তা কৰিছিল।

ৱাকফ বিলক লৈ মোদী চৰকাৰৰ বিৰোধিতা কৰিছিল INDI এলায়েন্সে।আৰু এতিয়া হঠাৎ সুৰ সলনি কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে চন্দ্ৰবাবু নাইডু।

সভাখনত চন্দ্ৰবাবু নাইডুৱে কৈছে যে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ দ্ৰুত গতিত বিকাশ হৈছে। নৰেন্দ্ৰ মোদী এজন আদৰ্শবান নেতা আৰু নৰেন্দ্ৰ মোদীৰ পৰা বহু কথা শিকিব পাৰিছে” বুলিও চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰে।