নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰিছে ভাৰতে । টিম ইণ্ডিয়াৰ জয়ত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে ৮৭ ৰাণৰ ইনিংছ খেলা তাৰকা ক্ৰিকেটাৰ শুভমন গীলে । ইয়াৰ উপৰিও শ্ৰেয়াছ আয়েৰ আৰু অক্ষৰ পেটেলেও অৰ্ধ শতক অৰ্জন কৰি ভাৰতীয় দলৰ জয়ত যথেষ্ট অৰিহণা যোগাই । তদুপৰি হৰ্ষিত ৰাণা আৰু ৰবীন্দ্ৰ জাডেজাই তিনিটাকৈ উইকেট দখল কৰি টিম ইণ্ডিয়াৰ হৈ শক্তিশালী বলিং প্ৰদৰ্শন কৰে । এই খেলখনত ৬৮টা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই জয়লাভ কৰে ।
এই মেচখনত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথম ৮ অভাৰত ফিল ছল্ট আৰু বেন ডাকেটে ৭১ ৰান সংগ্ৰহ কৰি ইংৰাজ দলৰ বাবে এক সুন্দৰ আৰম্ভণি কৰে । ইয়াৰ পিছত ইংৰাজ দলটোৱে কোনো ডাঙৰ অংশীদাৰিত্ব গঢ়াত ব্যৰ্থ হয় । জোছ বাটলাৰ আৰু জেকব বেথেলে নিশ্চিতভাৱে অৰ্ধশতক অৰ্জন কৰিছিল যদিও জো ৰুট আৰু হেৰী ব্ৰুককে ধৰি আন সকলো বেটছমেনে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ আৰু সমগ্ৰ দলটো ২৪৮ ৰানত অল আউট হয় ।
For his impressive 8⃣7⃣-run knock in the chase, vice-captain Shubman Gill bags the Player of the Match award! 👍 👍
— BCCI (@BCCI) February 6, 2025
Scorecard ▶️ https://t.co/lWBc7oPRcd#TeamIndia | #INDvENG | @IDFCFIRSTBank pic.twitter.com/7ERlZcopxR
সহজেই লক্ষ্যত উপনীত হ’ল ভাৰত-
ভাৰতীয় দলটোৱে ২৪৯ ৰানৰ লক্ষ্যত আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰে । দলটোৰ আৰম্ভণি দুৰ্বল আছিল । অধিনায়ক ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱাল কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় । ১৯ ৰানৰ স্ক’ৰত টিম ইণ্ডিয়াই দুয়োখন অ’পেনাৰৰ উইকেট হেৰুৱাই । ইফালে শ্ৰেয়াছ আয়াৰ আৰু শুভমন গীলে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি ৯৪ ৰান সংযোজন কৰে । খেলখনত আয়াৰে ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে । তেওঁ মেচখনত ৩৬টা বলত ৫৯ ৰান সংগ্ৰহ কৰে । আয়াৰৰ উইকেটৰ পতনৰ পিুছত দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় শুভমন গীলে । তেওঁক যোগ্য সহাঁৰি দিয়ে অক্ষৰ পেটেলে । গীল আৰু অক্ষৰ পেটেলে ১০৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । পেটেলে ৫২ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে ।
গীলে শতক অৰ্জন কৰিব নোৱাৰিলেও তেওঁৰ ৮৭ ৰানৰ ইনিংছৰ সহায়ত টিম ইণ্ডিয়াৰ জয় প্ৰায় নিশ্চিত হৈ পৰে । ইংলেণ্ডৰ হৈ ছাকিব মাহমুদ আৰু আদিল ৰছিদে সৰ্বাধিক দুটাকৈ উইকেট দখল কৰে । তেওঁলোকৰ বাহিৰেও জফ্ৰা আৰ্চাৰ আৰু জেকব বেথেলে এটাকৈ উইকেট দখল কৰে ।