বঙাইগাঁও জিলাৰ পূৰ্ব জপিয়া গাওঁৰ বোৱাৰী জেছমিনা খাতুনক নৃশংসভাৱে হত্যাক কৰিলে স্বামী বাবুল আলীয়ে।জানিব পৰা মতে বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তৰ্গত পূৰ্ব জপিয়া গাঁৱৰ যুৱতী জেছমিনা খাতুনৰ নিজ গাঁৱৰে বাবুল আলীৰ লগত প্ৰায় তিনি বছৰ পূৰ্বে ভাল পাই বিবাহ পাশত আৱদ্ধ হৈছিল।
কৰ্মসুত্ৰে পত্নীৰ সৈতে উত্তৰ প্ৰদেশৰ গাজীয়াবাদত আছিল বাবুল আলী। কিন্তু যুৱতীগাৰীকৰ পৰিয়ালৰ অভিযোগ স্বামী বাবুল আলীয়ে প্ৰায়ে মাৰপিট কৰিছিল জেছমিনা খাতুনক। এই পাৰিবাৰিক সংঘাতেই ১৬ নৱেম্বৰৰ দিনা ললে ভয়ংকৰ ৰূপ ।
সেইদিনা আন ৩ জন যুৱকৰ সৈতে মিলি স্বামী বাবুল আলীয়ে মাৰপিট কৰিছিল জেছমিনাক । যাৰ ফলত মৃত্যুক সাবতি ল’ব লগা হয় জেছমিনাই। বুধবাৰে উত্তৰ প্ৰদেশৰ পৰা জেছমিনাৰ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ লৈ অনাৰ পিছতেই মেৰেৰচৰ থানাত আত্মসমৰ্পন কৰিলে স্বামী বাবুল আলীয়ে।
স্বামী বাবুল আলীয়ে কি কাৰণত জেছমিনাক হত্যা কৰিলে সেই কথা পোহৰলৈ অহা নাই। হত্যাকাণ্ডৰ লগত জড়িত দোষী সকলক উচিত তদন্ত কৰি ন্যায় দিয়াৰ কামনা কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে।