উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে প্ৰয়াগৰাজত ল’গ’ উন্মোচন কৰাৰ লগতে আগন্তুক ‘মহা কুম্ভ ২০২৫’ৰ মোবাইল এপ আৰু ৱেবছাইট মুকলি কৰে । তেওঁৰ লগত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ৰাজ্যৰ জল শক্তি মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিং উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগীয়ে প্ৰয়াগৰাজত বৃহত্তম ধৰ্মীয় অনুষ্ঠানটোৰ প্ৰস্তুতি পৰ্যালোচনা কৰি পূজা-অৰ্চনা কৰে । মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে প্ৰস্তুতিৰ কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰি গুৰুত্বপূৰ্ণ স্থানসমূহ পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে ২০২৫ চনৰ ১৪ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ মহা কুম্ভ মেলা অনুষ্ঠিত হ’ব । এই মেলাৰ পৰিপ্ৰেক্ষিতত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজলৈ যোৱা প্ৰধান পথসমূহৰ ধাবা, ৰেষ্টুৰেণ্ট, হোটেলসমূহৰ ৰূপান্তৰৰ বাবে ৰাজসাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল যাতে উৎসৱত অংশগ্ৰহণ কৰা পৰ্যটক আৰু ভক্তসকলক উন্নত সুবিধা প্ৰদান কৰিব পৰা যায় ।
১৪ জানুৱাৰী (মকৰ সংক্ৰান্তি), ২৯ জানুৱাৰী (মৌনি অমাৱস্যা), আৰু ৩ ফেব্ৰুৱাৰী (বসন্ত পঞ্চমী)ত “শ্বাহী স্নান” নামেৰে পৰিচিত মুখ্য স্নান পৰ্ব অনুষ্ঠিত হব । ইয়াৰ পূৰ্বে ২০১৩ চনত প্ৰয়াগৰাজত শেষবাৰৰ বাবে মহা কুম্ভ মেলা অনুষ্ঠিত হৈছিল ।
উল্লেখ্য যে, মহা কুম্ভ মেলাৰ ইতিহাস প্ৰায় ৮৫০ বছৰ পুৰণি । প্ৰতি ১২ বছৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এইন মেলা শংকৰাচাৰ্যই আৰম্ভণি কৰিছিল বুলি জনা যায় । দেশৰ চাৰিটা স্থান- প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনীত আয়োজন কৰা হয় এই মেলাৰ । এই মেলালৈ পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লাখ লাখ লোকৰ আগমন ঘটে ।