যেতিয়াই ইছৰোৰ যিকোনো নতুন মিছনৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়াই পি এছ এল ভি (PSLV) শিৰোনামলৈ আহে । পি এছ এল ভি মানে পোলাৰ চেটেলাইট লঞ্চ ভেহিকল (Polar Satellite Launch Vehicle) । এইখন ভাৰতৰ তৃতীয় প্ৰজন্মৰ উৎক্ষেপন বাহন, যিয়ে বহু বৃহৎ অভিযান সম্পন্ন কৰিছে । শেহতীয়াকৈ পুনৰ এবাৰ ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে কাৰণ ইছৰোৱে পি এছ এল ভিৰ জৰিয়তে স্পেডএক্স মিছন আৰম্ভ কৰিব । এই অভিযানৰ সম্পূৰ্ণ নাম হৈছে PSLV-C60 ।
এতিয়া প্ৰশ্ন হয় পি এছ এল ভি কি আৰু ই কেনেকৈ কাম কৰে ? প্ৰতিটো নতুন মিছনৰ বাবে ইছৰোৱে নতুন পি এছ এল ভি বনায় নেকি ? যদি নবনাই, মহাকাশলৈ যোৱা অংশটো ঘূৰি আহেনে, যদি আহে, তেন্তে কেনেকৈ ?
প্ৰথমে স্পেডেক্স মিছনৰ কথা জানক-
স্পেডএক্স অভিযানৰ জৰিয়তে ইছৰোৱে মহাকাশত যাত্ৰা কৰা দুখন মহাকাশযান সংযোগ কৰিব । ইয়াক ডকিং বোলা হয় । যদি এই অভিযান সফল হয় তেন্তে ভাৰত এই সফলতা অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব । এতিয়ালৈকে কেৱল ৰাছিয়া, আমেৰিকা আৰু চীনেহে ডকিং ব্যৱস্থাত সফলতা লাভ কৰিছে । এই অভিযানৰ অধীনত পি এছ এল ভিৰ জৰিয়তে দুখন মহাকাশযান উৎক্ষেপণ কৰা হ’ব । দুয়োখনৰে ওজন ২২০ কিলোগ্ৰাম । এই মহাকাশযানসমূহে ঘণ্টাত ২৮,৮০০ কিলোমিটাৰ বেগত মহাকাশত যাত্ৰা কৰিব, ইয়াৰ পিছত ইছৰোৱে ইয়াৰ গতি হ্ৰাস কৰি দুয়োখন মহাকাশযানক একেলগে সংযোগ কৰিব, দুয়োখনৰ মাজত বৈদ্যুতিক শক্তিৰ স্থানান্তৰ প্ৰদৰ্শন কৰা হ’ব । ইয়াৰ পিছত দুয়োখন মহাকাশযানৰ ডক খুলি দিয়া হ’ব । অৰ্থাৎ দুয়োখন মহাকাশযান পৃথক হৈ নিজ নিজ অভিযান আৰম্ভ কৰিব ।
ইয়াত পি এছ এল ভিৰ ভূমিকা কি ?
পি এছ এল ভি হৈছে ইছৰোৰ তৃতীয় প্ৰজন্মৰ উৎক্ষেপণ বাহন । এইখন ভাৰতৰ প্ৰথমখন উৎক্ষেপণ বাহন, য’ত লিকুইড ষ্টেজ অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ ইয়াত লিকুইড ৰকেট ইঞ্জিন ব্যৱহাৰ কৰা হৈছে । ইয়াৰ চাৰিটা পৰ্যায় আছে ।
প্ৰথম পৰ্যায়: পি এছ এল ভিৰ প্ৰথম পৰ্যায়ত এটা চলিড ৰকেট মটৰ থাকে । এটা চলিড ৰকেট মটৰ (Solid Rocket Motor) আৰু ছটা কঠিন ষ্ট্ৰেপ-অন বুষ্টাৰ ব্যৱহাৰ কৰি পি এছ এল ভিক লঞ্চপেডৰ পৰা উঠাবলৈ পৰ্যাপ্ত থ্ৰাষ্ট সৃষ্টি কৰা হয় ।
দ্বিতীয় পৰ্যায়: ইয়াত লিকুইড ৰকেট ইঞ্জিন ব্যৱহাৰ কৰা হয় । এই ইঞ্জিনটো বিকাশ নামেৰে জনাজাত ।
তৃতীয় পৰ্যায়: এইটো হৈছে আটাইতকৈ ওপৰৰ অংশৰ তলৰ অংশ । ইয়াত এটা চলিড ৰকেট মটৰ লগোৱা থাকে, যিয়ে ওপৰৰ অংশটোক শক্তিশালী চাপেৰে আগলৈ ঠেলি দিয়ে ।
চতুৰ্থ পৰ্যায়: ৰকেটৰ ওপৰৰ অংশটো হৈছে পেলোড, ইয়াৰ তলত চতুৰ্থ পৰ্যায় । ইয়াত দুটা তৰল ইঞ্জিন আছে, যিয়ে মহাকাশযানখনক পৃথিৱীৰ কক্ষপথৰ ফালে ঠেলি দিয়ে ।
কোনটো অংশ ঘূৰি আহে ?
পি এছ এল ভি উৎক্ষেপণৰ পিছত ইয়াৰ তিনিটা অংশ মহাকাশত উপনীত নহয় আৰু ৰকেটটোক গতিবেগ প্ৰদান কৰাৰ পিছত সাগৰত পৰি যায় । আনহাতে চতুৰ্থ অংশটো মহাকাশত আৱৰ্জনা হৈ পৰে । অৱশ্যে মহাকাশত জাবৰ এৰি নিদিয়াৰ ক্ষেত্ৰতো ইছৰোৱে সফলতা লাভ কৰিছে । এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে PSLV হৈছে এটা সম্পূৰ্ণ ব্যৱস্থাৰ নাম । উৎক্ষেপণৰ সময়ত ইয়াৰ চতুৰ্থ পৰ্যায়টো মহাকাশত উপনীত হৈ আৱৰ্জনাত পৰিণত হয় ।