জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো এক্সন মোদী চৰকাৰৰ।বুধবাৰে প্ৰায় আঢ়ৈ ঘণ্টীয়া বৈঠকৰ পিছত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।
সংবাদমেলত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সিন্ধু নদীৰ জল সন্ধি বাতিল, আতাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিলে ভাৰতে, ভাৰতত বন্ধ হ’ল পাকিস্তানী নাগৰিক এন্ট্ৰি।
১ মে’ৰ ভিতৰত ভাৰতত থকা সকলো পাকিস্তানী উভতি যাব লাগিব। বন্ধ হ’ল পাকিস্তানী নাগৰিকৰ বাবে ভিছা। ৪৮ ঘন্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব।
পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলেও এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত।ভাৰতে নিজৰ প্ৰতিৰক্ষা, নৌ আৰু বিমান উপদেষ্টাক ইছলামবাগৰ ভাৰতীয় উচ্চায়ুক্তৰ পৰা ওভতাই আনিব।