আজি বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কয় যে আমি সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙি দিম ।
ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে নিৰীহ দেশবাসীক হত্যা কৰিছিল । এই ঘটনাৰ বাবে সমগ্ৰ দেশ দুখী আৰু ব্যৰ্থিত হৈ পৰিছে । সমগ্ৰ দেশে সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে তেওঁলোকৰ দুখত থিয় দিছে । বৰ্তমান চিকিৎসাধীন হৈ থকা সকল যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে ।
140 करोड़ भारतीयों की इच्छाशक्ति अब आतंक के आकाओं की कमर तोड़कर रहेगी: PM pic.twitter.com/kKlxlazkAU
— PMO India (@PMOIndia) April 24, 2025
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণত কোনোবাই পুত্ৰক হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, কোনোবাই জীৱন সংগী হেৰুৱাইছে । তেওঁলোকৰ কোনোৱে বাংলা কৈছিল, কোনোৱে কানাড়া, কোনো মাৰাঠী আছিল, কোনো ওড়িয়া, কোনো গুজৰাটৰ, কোনো বিহাৰৰ আছিল । আজি কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে এইসকল লোকৰ মৃত্যুত আমাৰ দুখ একেই, আমাৰ খং একেই । এই আক্ৰমণ কেৱল নিৰস্ত্ৰ পৰ্যটকৰ ওপৰতেই নহয় দেশৰ শত্ৰুপক্ষই ভাৰতৰ আত্মাক আক্ৰমণ কৰিবলৈ সাহস কৰিছে । মই অতি স্পষ্ট ভাষাত ক’ব বিচাৰিছো, যিসকল সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু যিসকলে এই আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি লাভ কৰিব । শাস্তি পাবই ।
উল্লেখ্য যে মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হৈছে । এই আক্ৰমণ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত হৈছিল, য’ত সন্ত্ৰাসবাদীয়ে নিৰ্বাচিতভাৱে নিৰীহ জনতাক লক্ষ্য কৰি লৈছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া সন্ত্ৰাসবাদীৰ বাকী থকা ভূমি ধ্বংস কৰাৰ সময় আহি পৰিছে । ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্ৰাসৰ ককাল ভাঙিব ।