আজি গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত এক জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোকৰ শোকাৱহ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে এক প্ৰতিবাদী সমদল আৰু শোক সভাৰ আয়োজন কৰে ।
সন্ত্ৰাসবাদীৰ এই কাৰ্যক গৰিহণা দি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ২০১৯ চনৰ পুলৱামা কাণ্ডৰ পিছত জম্মু-কাশ্মীৰত সংঘটিত হোৱা অন্যতম নৃশংস আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে ন্যায়ৰ দাবীত বিশ্ববিদ্যালয় সমাজ একত্ৰিত হয় । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলটো কেম্পাছৰ মাজেৰে আগবাঢ়ে আৰু অংশগ্ৰহণকাৰীসকলে হাতত প্লেকাৰ্ড লৈ সন্ত্ৰাসবাদৰ নিন্দা কৰাৰ লগতে ন্যায় আৰু ঐক্যৰ আহ্বান জনাই । ইয়াৰ পিছতে এখন শোক সভা অনুষ্ঠিত হয়, য’ত উপস্থিত ছাত্ৰ-শিক্ষকসকলে দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰি নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

এই জঘন্য কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ এ কে পানছাৰীয়ে কয়, “পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ মানৱতা আৰু আমাৰ দেশৰ মূল্যবোধৰ প্ৰতি অপমানজনক । আমি অপৰাধীক ন্যায়ৰ কাঠগঢ়ালৈ আনিবলৈ আৰু এনে অত্যাচাৰৰ পুনৰাবৃত্তি কেতিয়াও নোহোৱাটো নিশ্চিত কৰিবলৈ আটাইতকৈ শক্তিশালী পদক্ষেপৰ দাবী জনাইছো । আমাৰ বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰৰ সৈতে দৃঢ় ৰপত থিয় দিছে, শোক আৰু সংকল্পত একত্ৰিত হৈ আছে ।”
ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ গ্ৰ’থ এণ্ড ষ্ট্ৰেটেজিৰ সঞ্চালক শ্ৰী উৎপল কান্তাই ঘোষণা কৰে যে, “পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদী কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছো । শোক আৰু সংকটৰ এই সময়ত আমি দেশ হিচাপে একেলগে থিয় দিছো, এই জঘন্য কাণ্ডৰ আঁৰৰ লোকসকলক ক্ষিপ্ৰতাৰে ন্যায়ৰ কাঠগঢ়ালৈ আনিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছো ।”

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ ডীন সাত্যকী ডি’কম ভূঞাই লগতে কয়, “নিৰীহ পৰ্যটকৰ ওপৰত কৰা এই আক্ৰমণ মানৱতাৰ ওপৰত আক্ৰমণ । আমি ঐক্যবদ্ধভাৱে থিয় দিছো, দোষীৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো আৰু আমাৰ দেশৰ ওপৰত কৰা এই আক্ৰমণৰ দৃঢ় আৰু উপযুক্ত উত্তৰৰ দাবী জনাইছো ।”
উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ অন্যতম এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাৰ্যক গৰিহণা দিয়ে আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ন্যায় বিচাৰৰ আহ্বান জনাই । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে এই দুখ আৰু সংকটৰ সময়ত ৰাষ্ট্ৰৰ সৈতে একেলগে থিয় দিয়াৰ লগতে সংহতি আৰু স্থিতিস্থাপকতাৰ পোষকতা কৰিছে বুলি এক বিবৃতি প্ৰকাশ কৰিছে ।