শক্তিশালী জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) শেহতীয়াকৈ কুখ্যাত “চিটি-কিলাৰ” গ্ৰহাণু ২০২৪ YR4 দেখা পাইছে । ইয়াৰ মতে ২০৩২ চনৰ ডিচেম্বৰ মাহত বিপদজনকভাৱে পৃথিৱী আৰু চন্দ্ৰৰ ওচৰেৰে পাৰ হ’ব এই গ্ৰহাণু । চিটি কিলাৰৰ বাবে পৃথিৱী নিৰাপদ যদিও চন্দ্ৰ বিপদত পৰিব পাৰে ।
জেমছ ৱেব টেলিস্কোপে ২০২৪ YR4 পৰ্যবেক্ষণ কৰি ই পূৰ্বতে অনুমান কৰাতকৈ ডাঙৰ আৰু শিলৰ হ’ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে । ভাল খবৰটো হ’ল যে ই এতিয়া পৃথিৱীৰ বাবে ভাবুকি নহয় যদিও চন্দ্ৰৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা এতিয়াও আছে ।
২০৩২ চনৰ ২২ ডিচেম্বৰত ২০২৪ YR4 ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাটো এতিয়া নুই কৰা হৈছিল যদিও এই সময়ত ইয়াৰ চন্দ্ৰত খুন্দা মৰাৰ সম্ভাৱনা এতিয়াও শূন্য নহয় বুলি গৱেষকসকলে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদনত লিখিছে ।
এই প্ৰভাৱ ৫০০টা হিৰোছিমা বোমাৰ সমতুল্য-
অহা কেইবাবছৰলৈ এই গ্ৰহাণুটো বাহিৰৰ সৌৰজগতত নোহোৱা হোৱাৰ আগতে ২০২৫ চনৰ মে’ মাহত জেমছ ৱেবে ইয়াক পুনৰ পৰ্যবেক্ষণ কৰিব । জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ ডিচেম্বৰ মাহত ২০২৪ YR4 গ্ৰহাণু আৱিষ্কাৰ কৰিছিল । ভূমিভিত্তিক টেলিস্কোপৰ সহায়ত প্ৰাৰম্ভিক পৰ্যবেক্ষণত দেখা গৈছে যে ইয়াৰ ব্যাসৰ প্ৰায় ১৮০ ফুট (৫৫ মিটাৰ) — প্ৰায় পিছাৰ হেলনীয়া টাৱাৰৰ সমান বহল ।
ভয়ৰ বাবে JWSTৰ ব্যৱহাৰ-
এই গ্ৰহাণুৰ পথটোৱে প্ৰায়ে পৃথিৱীৰ পথ অতিক্ৰম কৰে, যাৰ ফলত সংঘৰ্ষৰ সম্ভাৱনা বৃদ্ধি পায় । যদিহে ই আঘাত কৰে তেন্তে ই এখন সম্পূৰ্ণ চহৰ ধ্বংস কৰিব পাৰে, যাৰ শক্তি ৫০০টা হিৰোচিমা বোমাৰ সমতুল্য । গৱেষকসকলে অনুমান কৰিছে যে ২০২৪ YR4ৰ পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা ৩.১% আছিল, যিটো এই আকাৰৰ বস্তুৰ বাবে সৰ্বাধিক সম্ভাৱনা । পিছত নাছাই ইয়াক ০% লৈ হ্ৰাস কৰে । অনিশ্চয়তাৰ মাজতে ই এছ এয়ে জে ডব্লিউ এছ টি ব্যৱহাৰ কৰি এই বিপজ্জনক মহাকাশ শিলটো অধ্যয়ন কৰাৰ সিদ্ধান্ত লয় ।