পৃথিৱীত বহুতো মনোৰোম ঠাই আছে । য’ত মানুহে ফুৰিবলৈ যোৱাৰ সপোন দেখে । কিন্তু বিশ্বত এনে কিছুমান ঠাই আছে য’ত মানুহ যোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কোনো কোনো ঠাইত মানুহৰ জীৱনৰ বিপদ, কোনো কোনো ঠাইত ৰহস্যজনক কাৰণত মানুহৰ প্ৰৱেশ নিষেধ কৰা হৈছে । সাধাৰণ মানুহে যাব নোৱাৰা এই ৭ টা ঠাইৰ বিষয়ে জানক ।
স্বালবার্ড গ্লোবেল চীড ভল্ট (Svalbard Global Seed Vault)-
এই ঠাইখন ‘ডুমছডে ভল্ট’ নামেৰে বিখ্যাত । এইটো এটা বিশাল বীজ ভঁৰাল, য’ত জৰুৰীকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বৰ শস্যৰ বীজ সুৰক্ষিত ৰখা হয় । নিৰাপত্তাজনিত কাৰণত ইয়ালৈ কেৱল বিজ্ঞানী আৰু কৰ্তৃত্বপ্ৰাপ্ত লোককহে যাবলৈ দিয়া হয় ।
লাচকস্ক গুহা, ফ্ৰান্স (Lascaux Cave)-
ফ্ৰান্সৰ এই গুহা প্ৰাচীন চিত্ৰৰ বাবে বিখ্যাত । ইয়াত ১৭ হাজাৰ বছৰ পুৰণি গুহা চিত্ৰ আছে, যি প্ৰাচীন সভ্যতাৰ এক গুৰুত্বপূৰ্ণ অংশ । পৰ্যটকৰ বাবে এই ছবিবোৰ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিলে, যাৰ বাবে চৰকাৰে সাধাৰণ জনতাৰ বাবে এই গুহাটো বন্ধ কৰি দিয়ে ।
ভেটিকান চিক্ৰেট আৰ্কাইভ, ভেটিকান চিটি-
এইখন বিশ্বৰ অন্যতম গোপন স্থান । কেথলিক গীৰ্জাৰ সৈতে জড়িত অতি গোপনীয় নথি-পত্ৰ ইয়াত ৰখা হৈছে । বিশেষ গৱেষক আৰু পোপৰ অনুমতি পোৱা লোককহে ইয়ালৈ যাবলৈ দিয়া হয় ।
নৰ্থ চেন্টিনেল আইলেণ্ড, ভাৰত-
আন্দামান-নিকোবৰত অৱস্থিত এই দ্বীপটোত চেণ্টিনেল জনগোষ্ঠীৰ বাসস্থান । এই জনগোষ্ঠীয়ে বাহিৰৰ জগতৰ লগত যোগাযোগ নকৰে আৰু তালৈ যোৱা যিকোনো ব্যক্তিক আক্ৰমণ কৰে । ভাৰত চৰকাৰে এই দ্বীপ ভ্ৰমণত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে ।
কোকা-কোলা ছিক্ৰেট ভল্ট, আমেৰিকা-
কোকা-কোলা কোম্পানীৰ বিখ্যাত গোপন সূত্ৰ বা ফৰ্মূলা আটলাণ্টাৰ উচ্চ নিৰাপত্তাসম্পন্ন ভল্টত সুৰক্ষিত ৰখা হৈছে । এই ভল্টটো ‘ৱৰ্ল্ড অৱ কোকাকোলা’ সংগ্ৰহালয়ত আছে যদিও তাত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নহয় ।
এৰিয়া ৫১, আমেৰিকা-
নেভাদাত অৱস্থিত এই ঠাইখন আমেৰিকাৰ বায়ুসেনাৰ গোপন সামৰিক ঘাটি । কোৱা হয় যে ইয়াত এলিয়েন আৰু ইউ এফ অ’ৰ সৈতে জড়িত গৱেষণা কৰা হয় । এই ঠাইখনৰ আশে-পাশে কঠোৰ নিৰাপত্তা ব্যৱস্থা আছে আৰু কোনো সাধাৰণ মানুহক ইয়ালৈ যাবলৈ দিয়া নহয় ।
স্নেক আইলেণ্ড, ব্রাজিল-
এই দ্বীপটো পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপৰ বাসস্থান । ইয়াত গোল্ডেন লেন্সহেড ভাইপাৰ নামৰ বিষাক্ত সাপ পোৱা যায়, যাৰ বিষে কেইমিনিটমানৰ ভিতৰতে এজন মানুহক মৃত্যু ঘটাব পাৰে । নিৰাপত্তাজনিত কাৰণত ব্ৰাজিল চৰকাৰে তালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ।