আমেৰিকাৰ মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি ৯ মাহতকৈ অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে ১৮ মাৰ্চ মঙলবাৰে সন্ধিয়া পৃথিৱীলৈ উভতি আহিব । দুয়োজন মহাকাশচাৰীক ঘূৰাই আনিবলৈ ইলন মাস্কৰ স্পেচএক্সে নাছাৰ সহযোগত শনিবাৰে পুৱা ক্ৰু-১০ অভিযান আৰম্ভ কৰে । দুয়োজন মহাকাশচাৰীয়ে পৃথিৱীলৈ ঘূৰি আহি সুখী হ’ব যদিও ৯ মাহতকৈ অধিক সময় মহাকাশত থকাৰ বাবে তেওঁলোকৰ শৰীৰত যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তন স্বাভাৱিক হ’বলৈ কেইবা মাহৰ প্ৰয়োজন হ’ব পাৰে ।
২০২৪ চনৰ জুন মাহত বয়িং ষ্টাৰলাইনাৰ মহাকাশযানত ৮ দিনীয়া অভিযানত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমৰে মহাকাশ কেন্দ্ৰলৈ গৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে এতিয়াও তাতেই আবদ্ধ হৈ আছে । দুয়োজন মহাকাশত আবদ্ধ হৈ পৰা ৯ মাহতকৈও অধিক হ’ল আৰু মহাকাশত ইমান দিন কটোৱাৰ বাবে দুয়োজন মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন দেখা যাব বুলি বিশেষজ্ঞসকলে কৈছে ।
মহাকাশত বহু সময় থাকিলে দুৰ্বল হৈ পৰে নেকি শৰীৰ ?
মহাকাশত ৯ মাহ থকাৰ পিছত মহাকাশচাৰীৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন ঘটে । আটাইতকৈ ডাঙৰ পৰিৱৰ্তন পেশী আৰু হাড়ত দেখা যায় আৰু সেইবোৰ দুৰ্বল হৈ পৰে ।
নাছাৰ মহাকাশচাৰী লেৰয় চিয়াওৰ মতে, পৃথিৱীলৈ অহাৰ পিছত দুয়োজন মহাকাশচাৰীয়ে খোজ কঢ়াত অসুবিধা পাব । মহাকাশত দীৰ্ঘদিন থাকিলে মহাকাশচাৰীৰ ‘বেবী ফিট’ৰ সমস্যাৰ সৃষ্টি হয় । তেওঁ কয় যে বায়ু আৰু মাধ্যাকৰ্ষণ শক্তিৰ অনুপস্থিতিৰ বাবে মহাকাশচাৰীসকলে মহাকাশত ওজনহীনতা অনুভৱ কৰে আৰু ভৰিৰ ওপৰৰ ডাঠ ছালখন হেৰাই যায় । ইয়াৰ বাবে ভৰি দুখন সৰু শিশুৰ দৰে খুব কোমল হৈ পৰে আৰু খোজ কঢ়াত অসুবিধা পায় ।
বেবী ফিটৰ উপৰিও মহাকাশচাৰীসকলে হাড়ৰ ঘনত্ব কমি যোৱাৰ সন্মুখীন হ’বলগীয়া হয় । মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত তেওঁলোকৰ হাড় দুৰ্বল হৈ পৰে । নাছাই কয় যে মহাকাশত কটোৱা প্ৰতিমাহে হাড়ৰ ঘনত্ব এক শতাংশ হ্ৰাস কৰে, যাৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ।
শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱত ভৰি আৰু পিঠিৰ পেশীবোৰো দুৰ্বল হৈ পৰে । ইয়াৰ প্ৰতিৰোধৰ বাবে মহাকাশচাৰীসকলে নিয়মিতভাৱে ২.৫ ঘন্টা ধৰি মহাকাশ কেন্দ্ৰত ব্যায়াম কৰে । তেওঁলোকে নিয়মিতভাৱে স্কুচ, ডেডলিফ্ট আৰু বেঞ্চ প্ৰেছিং কৰে । ইয়াৰ বাবে মহাকাশ কেন্দ্ৰত এক বিশেষ স্থানো সৃষ্টি কৰা হৈছে ।
ব্যায়ামৰ লগতে মহাকাশচাৰীসকলে নিয়মিতভাৱে ট্ৰেডমিলত দৌৰে আৰু ব্যায়ামৰ বাইকো ব্যৱহাৰ কৰে । হাড় মজবুত কৰিবলৈ চাপ্লিমেণ্টো গ্ৰহণ কৰে ।
ই শৰীৰত আৰু কি প্ৰভাৱ পেলায় ?
মাধ্যাকৰ্ষণ শক্তি অবিহনে শৰীৰৰ তৰল পদাৰ্থবোৰ তললৈ যোৱাৰ পৰিৱৰ্তে ওপৰলৈ গতি কৰে । ইয়াৰ ফলত মুখমণ্ডল ফুলি উঠে, মূৰত চাপ বাঢ়ে আৰু চকুৰ দৃষ্টিশক্তিতো প্ৰভাৱ পেলায় ।
মহাকাশত বাস কৰিলে হৃদযন্ত্ৰৰ তন্ত্ৰতো প্ৰভাৱ পৰে । হৃদযন্ত্ৰ সামান্য সংকোচিত হৈ তুলনামূলকভাৱে লাহে লাহে তেজ পাম্প কৰে । ইয়াৰ বাবে পৃথিৱীলৈ ঘূৰি অহাৰ পিছত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ আশংকা থাকে ।
পৃথিৱীৰ বাকী অংশৰ পৰা আঁতৰত মাত্ৰ কেইজনমান মহাকাশচাৰীৰ সৈতে ৯ মাহ মহাকাশত থকাটোৱে মহাকাশচাৰীসকলৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় । মহাকাশলৈ যোৱাৰ পিছত মগজুতো পৰিৱৰ্তন ঘটে যাৰ বাবে মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি অহাৰ পিছত সমস্যাৰ সন্মুখীন হ’ব পাৰে ।
শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মহাকাশত দীৰ্ঘদিন থাকিলে মগজুৰ গঠনত পৰিৱৰ্তন ঘটে । মগজুৰ গহ্বৰৰ কিছুমান অংশ ফুলি উঠিব পাৰে, যিবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তিনি বছৰ সময় লাগিব পাৰে ।
মহাকাশত পৃথিৱীৰ দৰে সুৰক্ষামূলক ঢাল নাথাকে, যাৰ ফলত মহাকাশচাৰীসকল অধিক পৰিমাণৰ বিকিৰণৰ সংস্পৰ্শলৈ আহে । ইয়াৰ ফলত তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু ডি এন এৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকে ।
মহাকাশত বহু সময় কটোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাতো প্ৰভাৱ পৰে আৰু মহাকাশচাৰীসকলৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । বহু গৱেষণাৰ পৰা কোৱা হৈছে যে মাধ্যাকৰ্ষণ শক্তিৰ অভাৱৰ বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষবোৰ দুৰ্বল হৈ পৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । শৰীৰত বিপাকীয় পৰিৱৰ্তন ঘটে, যাৰ ফলত শৰীৰৰ পুষ্টি আৰু শক্তি জমা কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে । কিছুমান মহাকাশচাৰীৰ ওজন যথেষ্ট কমি যায় আৰু ভোকত ব্যাঘাত জন্মে ।