প্ৰখ্যাত ভাৰতীয় উদ্যোগী ৰতন টাটাৰ দেহাৱসান।
মুম্বাইস্থিত ব্ৰীচ কেণ্ডী চিকিৎসালয়ত মৃত্যু বৰ্ষীয়ান উদ্যোগপতিজনৰ।
কেইবাদিন ধৰি বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল ৰতন
টাটা ৷জীৱনৰ ৮৬ টা বসন্তত অনন্ত ধামলৈ গতি কৰিলে এইগৰাকী বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ৰতন টাটাই। বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উদ্যোগপতিগৰাকী। সোমবাৰৰ পৰা মুম্বাইৰ ব্রীছকেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ৰতন টাটাই মহাষষ্ঠীৰ দিনা সংসাৰৰ মায়া- মোহ ত্যাগ কৰি অন্তিম নিশ্বাস ত্যাগ কৰে।