ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ পুনৰ এবাৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে । লগতে ই একেৰাহে আঠ সপ্তাহৰ হ্ৰাসৰ অন্ত পেলাইছে, যি বহু মাহৰ নিম্নতম স্তৰত উপনীত হৈছে । ২৯ নৱেম্বৰত সমাপ্ত হোৱা সপ্তাহত, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১.৫১০ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৬৫৮.০৯১ বিলিয়ন আমেৰিকান ডলাৰ হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত সপ্তাহৰ আৰম্ভণিতে এই তথ্য প্ৰকাশ কৰিছে ।
সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰাৰ পিছত এই হ্ৰাস আৰম্ভ হয়-
ছেপ্টেম্বৰ মাহত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৯ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰাৰ পিছত এই মজুত হ্ৰাস পাইছিল । টকাৰ তীব্ৰ মূল্য হ্ৰাস ৰোধ কৰাৰ লক্ষ্যৰে আৰ বি আইৰ হস্তক্ষেপৰ বাবেই এই মজুত হ্ৰাস পাইছে । পৰ্যাপ্ত বৈদেশিক মুদ্ৰাৰ মজুত বাফাৰে ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপক বিশ্বব্যাপী জোকাৰণিৰ পৰা ৰক্ষা কৰাত সহায় কৰে । আৰ বি আইৰ শেহতীয়া তথ্য অনুসৰি বৈদেশিক মুদ্ৰাৰ মজুতৰ সৰ্ববৃহৎ উপাদান ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পত্তি (এফ চি এ) ৫৬৮.৮৫২ বিলিয়ন মাৰ্কিন ডলাৰ । আৰ বি আইৰ তথ্য অনুসৰি বৰ্তমান সোণৰ মজুত ৬৬.৯৭৯ বিলিয়ন মাৰ্কিন ডলাৰ ।
ভাৰতে নিজৰ বৈদেশিক মুদ্ৰাৰ মজুতত প্ৰায় ৫৮ বিলিয়ন মাৰ্কিন ডলাৰ যোগ কৰিলে-
একে সময়তে অনুমান অনুসৰি ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত এতিয়া প্ৰায় এবছৰৰ আনুমানিক আমদানি বহন কৰিবলৈ যথেষ্ট । ২০২৩ চনত ভাৰতে নিজৰ বৈদেশিক মুদ্ৰাৰ মজুতত প্ৰায় ৫৮ বিলিয়ন মাৰ্কিন ডলাৰ যোগ কৰাৰ বিপৰীতে ২০২২ চনত ভাৰতে ৭১ বিলিয়ন মাৰ্কিন ডলাৰৰ ক্ৰমবৰ্ধমান হ্ৰাসৰ সাক্ষী হৈছিল । বৈদেশিক মুদ্ৰাৰ মজুত বা এফ এক্স ৰিজাৰ্ভ হৈছে দেশৰ কেন্দ্ৰীয় বেংক বা মুদ্ৰা কৰ্তৃপক্ষৰ হাতত থকা সম্পত্তি, মূলতঃ আমেৰিকান ডলাৰৰ দৰে সংৰক্ষিত মুদ্ৰাত, ইউৰো, জাপানী য়েন আৰু পাউণ্ড ষ্টাৰলিঙৰ সৰু অংশ ।
ভাৰতীয় টকা অন্যতম সুস্থিৰ মুদ্ৰা-
আৰ বি আইয়ে বৈদেশিক মুদ্ৰাৰ বজাৰসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰে, কেৱল বজাৰৰ শৃংখলাবদ্ধ পৰিস্থিতি বজাই ৰাখিবলৈ আৰু টকাৰ বিনিময় হাৰৰ অত্যধিক অস্থিৰতা ৰোধ কৰিবলৈ হস্তক্ষেপ কৰে, কোনো নিৰ্দিষ্ট লক্ষ্য স্তৰ বা পৰিসৰ মানি নচলে । টকাৰ মূল্য হ্ৰাস ৰোধ কৰিবলৈ আৰ বি আইয়ে প্ৰায়ে ডলাৰ বিক্ৰীকে ধৰি লিকুইডিটি পৰিচালনা কৰি হস্তক্ষেপ কৰে । এদশক আগতে ভাৰতীয় টকা এছিয়াৰ অন্যতম অস্থিৰ মুদ্ৰা আছিল । তেতিয়াৰ পৰাই ই অন্যতম সুস্থিৰ মুদ্ৰা হিচাপে পৰিগণিত হৈছে । টকা শক্তিশালী হোৱাৰ সময়ত আৰ বি আইয়ে কৌশলগতভাৱে ডলাৰ কিনিছে আৰু দুৰ্বল হ’লে বিক্ৰী কৰিছে, যাৰ ফলত বিনিয়োগকাৰীৰ বাবে ভাৰতীয় সম্পত্তিৰ আকৰ্ষণ বৃদ্ধি পাইছে ।