বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মঙলবাৰে কয় যে দেশখনৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপ বিচাৰিব । ঢাকাস্থিত ‘ডেইলী ষ্টাৰ’ কাকতৰ তথ্য অনুসৰি অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী পৰিক্ৰমা উপদেষ্টা আছিফ নাজৰুলে সচিবালয়ত সাংবাদিকৰ আগত কয় যে যদি ভাৰতে হাছিনাক উভতাই পঠিয়াবলৈ অস্বীকাৰ কৰে তেন্তে সেয়া বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যাৰ্পণ চুক্তি উলংঘা কৰা হ’ব ।
যোৱা বছৰৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে ৭৭ বছৰীয়া হাছিনাই । ১৬ বছৰীয়া আৱামী লীগ (এ এল) চৰকাৰখন এক বৃহৎ ছাত্ৰ আন্দোলনৰ হেঁচাত পৰাৰ পিছত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল ।
বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনা আৰু কেইবাজনো প্ৰাক্তন কেবিনেট মন্ত্ৰী, উপদেষ্টা, সামৰিক আৰু অসামৰিক বিষয়াক “মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ” অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ।
বাংলাদেশে যোৱা বছৰ হাছিনাক প্ৰত্যাৰ্পণৰ দাবীত ভাৰতলৈ কূটনৈতিক নোট প্ৰেৰণ কৰিছিল । নজৰুলে কয়, আমি প্ৰত্যাৰ্পণৰ বাবে এখন পত্ৰ লিখিছো । যদি ভাৰতে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ নকৰে তেন্তে ই বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যাৰ্পণ চুক্তিৰ স্পষ্ট উলংঘা হ’ব ।
তেওঁ কয় যে সেই পৰিস্থিতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত উত্থাপন কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব । আইনী উপদেষ্টাগৰাকীয়ে কয় যে বৈদেশিক মন্ত্ৰালয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে ।
নজৰুলে কয়, “আমি সকলো কৰি আছো । শ্বেখ হাছিনাক ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব । প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচৰা হ’ব ।’
ভাৰত-বাংলাদেশ প্ৰত্যাৰ্পণ চুক্তিৰ বিধান অনুসৰি অপৰাধসমূহ ‘ৰাজনৈতিক চৰিত্ৰ’ৰ হ’লে প্ৰত্যাৰ্পণ অস্বীকাৰ কৰিব পাৰি । আন এটা বিধানত কোৱা হৈছে যে যদিহে কোনো ব্যক্তিক চাৰি মাহ বা তাতকৈ অধিক সময়ৰ বাবে কাৰাদণ্ড বা অন্যান্য ধৰণৰ বন্দীত্বৰ শাস্তি প্ৰদান কৰা নহয় তেন্তে তেওঁক প্ৰত্যাৰ্পণ কৰিব নোৱাৰিব ।