দেশত দিনে দিনে বৃদ্ধি পাইছে ৰে’ল দুৰ্ঘটনা। এইবাৰ পুনৰ পশ্চিম বংগত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। দৰাচলতে, হাওৰাৰ নলপুৰৰ ওচৰত পতিত হৈছে ৰে’ল দুৰ্ঘটনাটো ।জানিব পৰা ৰে’লখন চেকেন্দ্ৰাবাদৰ পৰা শালিমাৰলৈ আহি আছিল।
হাওৰা ৰেল ষ্টেচনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত সংঘটিত হৈছিল দুৰ্ঘটনাটো।২২৮৫০ নম্বৰৰ চেকেন্দ্ৰাবাদ-শালিমাৰ চুপাৰফাষ্ট এক্সপ্ৰেছৰ ৩ টাকৈ ডবা লাইনচ্যুত হয়। অৱশ্যে দুৰ্ঘটনাটোত এজন যাত্ৰী সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ বাহিৰে বিশেষ ক্ষয়-ক্ষতি হোৱা নাই।
জানিব পৰা মতে ডাউন ট্ৰেইন চেকেন্দ্ৰাবাদ শালিমাৰ সাপ্তাহিক চুপাৰফাষ্ট এক্সপ্ৰেছ লেহেমিয়া গতিত আহি থকাৰ বাবেহে ডাঙৰ দুৰ্ঘটনা হোৱাৰ পৰা প্ৰতিহত হয়।