অগ্নিগৰ্ভা হৈ পৰা মণিপুৰত পৰিস্থিতিত অধিক অৱনতি ঘটিছে৷ কুকি বিদ্ৰোহীয়ে মেইটেই সম্প্ৰদায়ৰ নিৰীহক টাৰ্গেট কৰি লোৱাত আকৌ এবাৰ দাউদাউকৈ জ্বলি উঠিছে হিংসা জৰ্জৰিত চুবুৰীয়া ৰাজ্যখন৷
এটি ৮ বছৰীয়া, এটি আঢ়ৈ বছৰীয়া, এটি ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাক অপহৰণ কৰি হত্যা কৰি নদীত মৃতদেহ পেলাই দিয়াৰ পাছতে পুনৰ জ্বলি উঠিছে মণিপুৰ৷
শনিবাৰে মণিপুৰৰ কেইবাখনো জিলাৰ পুৰুষ-মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।
খবৰ অনুসৰি, শনিবাৰে প্ৰতিবাদকাৰীয়ে তিনিগৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ৬ জন বিধায়কৰ বাসগৃহত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
মণিপুৰৰ শেহতীয়া এই ধৰণৰ পৰিস্থিতিক লৈ ৫ খন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে ৭ খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।
প্ৰতিবাদকাৰীয়ে যিসকল মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰিছিল তেওঁলোকৰ ভিতৰত সপম ৰঞ্জন, এল সুচিন্দ্ৰ সিং আৰু ৱাই খেমচান্দ বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে।
ৰাজপথত হাজাৰ হাজাৰ লোক ওলাই অহাত ইম্ফলত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাত বিফল হয় আৰক্ষী-অৰ্ধসামৰিক বাহিনী৷
উগ্ৰ প্ৰতিবাগকাৰীয়ে বিজেপি বিধায়কসকলৰ ঘৰত আক্ৰমণ কৰি আচ-বাব লণ্ডভণ্ড কৰে। হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইম্ফল পশ্চিম জিলা প্ৰশাসনে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে।
ইম্ফল ইষ্ট, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত দুদিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল সেৱাও বন্ধ কৰি দিয়া হৈছে।